লখিমপুৰ, ১৫ মাৰ্চ ; নগৰিকত্ত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত আজি লখিমপুৰত কেবা শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদেৰে লখিমপুৰৰ ৰাজপথ উত্তাল কৰি তোলে । সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰায় ৫০০ প্ৰতিবাদকাৰীয়ে আছুৰ কাৰ্যলয় শ্বহীদ ভৱনৰ পৰা লখিমপুৰ নগৰৰ মাজেৰে বিভিন্ন শ্লোগানেৰে চৰকাৰ বিৰোধী ধ্বনিৰে চৌদিশ কঁপাই তোলে আৰু পুনৰ শ্বহীদ ভৱনত সামৰণি মাৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে আছুৰ ভাৰপ্ৰাপ্ত জিলা সভাপতি ক্ষীৰোদ দুৱৰা আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে । তেওঁলোকে জানিবলৈ দিয়া মতে – সদৌ অসম ছাত্ৰ সন্থা আৰু৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি লখিমপুৰ জিলা সদৰত এই বিশাল সত্যাগ্ৰহ কাৰ্যসূচী হাতত লয় ।উক্ত কাৰ্যসূচীত উপস্থিত থাকে,সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সীমান্ত নেওগ,কাৰ্যনিৰ্বাহক কৃষ্ণজ্যোতি হাজৰিকা,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ফৰিদূৰ ৰহমান, অসম উন্নতি সভাৰ উপ সভাপতি দেৱজিত মজুমদাৰ,অসম সেনাৰ কাৰ্যনিৰ্বাহক জিতু কলিতা,৩০ জনগোষ্ঠীয় সংগঠন,আৰু ছাত্ৰ সন্থাৰ সমূহ আঞ্চলিক, মহকুমাৰ বিষয়ববীয়া সকল । সংগঠন সমূহৰ দাবী চৰকাৰে শীঘ্ৰে কা’ বাতিল কৰক ,অন্যথা তীব্ৰ আন্দোলন অব্যাহত থাকিব
