লখিমপুৰ, ১৬ মাৰ্চ — সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে লখিমপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াক নগাঁও জিলালৈ বুলি বদলিৰ নিৰ্দেশনা জাৰি কৰাত আজি কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰীবৃন্দই বিষয়াগৰাকীক বিদায় দিয়াৰ উদ্দেশ্যে এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰিপ্ৰসাদ হাজৰিকাই আঁত ধৰা সভাখনিত বিষয়াগৰাকীক কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক অতুল দত্তই এখনি ফুলাম গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক দত্তই বিষয়াগৰাকীৰ লগত যোৱা পাঁচ বছৰে কাম কৰি পোৱা অভিজ্ঞতা সন্দৰ্ভত সভাত বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে তেওঁৰ কৰ্মজীৱন সুখ তথা মধুময় হোৱাৰ আশা ব্যক্ত কৰে। উল্লেখ্য যে, লখিমপুৰত ১১ মাৰ্চ ২০১৯ ত যোগদান কৰি আজি বিদায় সম্বৰ্ধনা গ্ৰহণ কৰা মন্দিৰা চায়েঙীয়াৰ স্থানত ইতিমধ্যে লখিমপুৰ জিলা আয়ুক্তই ভাৰপ্ৰাপ্তৰূপত জিলাৰ সহকাৰী আয়ুক্ত জানুমা সোনোৱালক দায়িত্ব অৰ্পণ কৰে। সভাত কাৰ্যালয়টোৰ কৰ্মচাৰী টুটুমণি দাস, বিপ্লৱ গগৈৰ লগতে জলসিঞ্চন বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী বীৰেন বুঢ়াগোহাঁই উপস্থিত থাকে।