লখিমপুৰ, ২২ মে’ঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নৈৰ ঘাগৰ ঘাটত কালি পুৱাই এখন কোটি টকীয়া জাহাজ ডুব যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই দুর্ঘটনাটোত জাহাজখনত শুই থকা ১১ জনকৈ লোকৰ কোনোমতেহে জীৱন ৰক্ষা পৰে। কালি পুৱাৰে পৰা সন্ধিয়া পর্যন্ত অত্যাধুনিক যন্ত্ৰৰ সহায়ত সোৱণশিৰিত ডুবন্ত জাহাজখন উদ্ধাৰৰ বাবে ‘অনুপম নির্মাণ প্রাইভেট লিমিটেডে’ প্রাণপণে চেষ্টা কৰে আৰু জাহাজখন আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । প্রাপ্ত তথ্য অনুসৰি সোৱণশিৰি নৈৰ ঘাগৰ-ঘূনাসুঁতি
ঘাটত যোৱা নৱেম্বৰ মাহৰ পৰা অনুপম নির্মাণ প্রাইভেট লিমিটেডে ভাৰ ৩৮০ কোটি টকীয়া পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ চলাই আহিছে আৰু সেই কামৰ বাবে বিগত চাৰিদিনমানৰ পূৰ্বে গুৱাহাটীৰ পৰা কোটিটকীয়া ‘এম টি বীৰদত্ত’ নামৰ যন্ত্রচালিত জাহাজখন নির্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘৃনাসুঁতি ঘাটলৈ অনা হয়। সেইমৰ্মে চাৰিদিন পূর্বে ঘুনাসুঁতি ঘাটত আহি পোৱা ‘এম টি বীৰদত্ত’ই সোৱণশিৰি — পাইচাৰী কৰাৰ পিছত যোৱা নিশা ঘাগৰ ঘাটত ৰাখি থোৱাৰ সময়তে এই বৃহৎ দুখলপীয়া জাহাজখন কাহিলিপুৱাতে সোৱণশিৰি বুকুত সম্পূৰ্ণৰূপে ডুব যায়। জানিব পৰা মতে কোটি কোটি টকীয়া এই জাহাজখনৰ তলিত – ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই পুৱা ৪.৩০ মান বজাত – জাহাজখন ডুব যায়। এই ঘটনাৰ পিছতে মহাইজান অঞ্চলত হুৱাদুৱাৰ সৃষ্টি হয় যদিও দৈৰ্যক্ৰমে জাহাজখনত শুই থকা ১১ জন কৰ্মচাৰী মৃত্যুৰ পৰা ৰক্ষা পৰে। এই ঘটনাৰ পিছতে কোম্পানীটোৱে বিভিন্ন সা- সৰঞ্জামৰ সহায়ত জাহাজখন উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে যদিও কালি সন্ধিয়া পর্যন্ত জাহাজখন সামান্য পৰিমাণেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । দুখলপীয়া জাহাজখন ঘাগৰ-ঘূনাসুঁতি ঘাটত নির্মীয়মান পকী দলঙৰ সামগ্ৰী নৈৰ বুকুত সৰবৰাহৰ বাবেই কোম্পানীটোৱে লীজত অনা বুলি এক সূত্ৰই সদৰি কৰিছে। উল্লেখ্য যে ২০২৩ বর্ষতে মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখনৰ নির্মাণ কার্য এতিয়াও অতি লেহেমীয়া গতিতে আছে। অসম মালাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ মুঠ ৪১ টা খুটাৰ ভিতৰত ৪টা খুটাহে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এটা খুটাও এই পর্যন্ত সম্পূৰ্ণ কৰিব পৰা নাই ‘অনুপম প্রাইভেট লিমিটেড’ নামৰ কোম্পানীটোৱে
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ সোৱণশিৰিত ডুবিল কোটি টকীয়া জাহাজ ‘বীৰদত্ত’ জাহাজ খনৰ আছিল তলি ফুটা,...










