Anchor : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত হাতীদণ্ডী গোপাল গোৱালা (ৰজাপথাৰ)গাঁৱৰ বিশিষ্ট সংগীত শিল্পী তথা গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হুৰচি তাঁতীৰ সোমবাৰে নিশা ১১.৩০ বজাত জটিল ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হোৱাত বকলীয়াঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে । সংগীত শিল্পী হুৰচি তাঁতী আদিবাসী জনগোষ্ঠীটোৰ লগতে সকলোৰে বাবে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হিচাপে সুপৰিচিত আছিল । ‘অস্থিস্তৰ সময়’ৰ কবি লক্ষেশ্বৰ শৰ্মাই হুৰচি তাঁতীৰ সংগীত শিল্পী প্ৰতিভাৰ বিষয়ে কাকতত ‘তুমিটো নহয় কাগজৰ ফুল ‘ বুলি লিখি প্ৰচাৰ কৰিছিল । তাৰ পিছৰে পৰা হুৰচি তাঁতীয়ে পিছলৈ নোহোৱাকৈ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, শান্তা উজীৰ, ৱাৰী ৰংফাৰপী, ছাজন নায়ক, অনামিকা তাঁতী, চুবিৰ বাৰ্গ আদি বহু জনপ্ৰিয় কণ্ঠশিল্পী সৈতে একেলগে সংগীত পৰিৱেশন কৰিছিল । জনপ্ৰিয় সংগীত শিল্পী গৰাকীয়ে ‘উৰণী উৰাকে চলো’ কেছেটত আৰু আদিবাসী জনগোষ্ঠীৰ ‘ৰামধেনুৰ সুৰ’ কেছেটত কণ্ঠদান কৰে । তেওঁ কি বৰ্ড, হাৰমনিয়াম, তবলা, গীতাৰ আদি সকলোতে বজোৱাত পাৰ্গত আছিল । কোনো অনুষ্ঠানত হাৰমনিয়াম বেয়া হৈ গ’লেও গছৰ পাতত মুখৰ সুৰ দি তেওঁ অনুষ্ঠান সুন্দৰকৈ চলাই নিছিল। আনহাতে তেওঁ কাৰ্বি আংলং জিলা আদিবাসী কৰ্মচাৰী সন্থাৰ সাংস্কৃতিক সম্পাদকৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল । সংগীত শিল্পী গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই অস্থিস্তৰ সময়ৰ কবি লক্ষেশ্বৰ শৰ্মা, চিত্ৰ শিল্পী পিংকু বৰুৱা, কাৰ্বি আংলং জিলা আদিবাসী কৰ্মচাৰী সন্থাৰ সম্পাদক উজ্বল তাঁতী, হাওৰাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনন্ত কুমাৰ নাথ, ৰাজকুমাৰ সৎনামী আদি বহু বিশিষ্ট ব্যক্তি দল সংগঠনৰ বিষয় ববীয়া সকলে সমবেদনা জ্ঞাপন কৰে । ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা শিল্পীগৰাকীৰ তিনিজন পুত্ৰ, চাৰিগৰাকী জীয়ৰী আৰু নাতিনী এৰি গুচি যায় ।