লখিমপুৰ, ৩ আগষ্ট ; লখিমপুৰৰ বগীনদী দীৰ্ঘা ভালাবস্তিৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই আজিও লখিমপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিশেষকৈ ঘটনা সংঘটিত হৈ যোৱাৰ পাছত আৰক্ষীৰ অভিযানে ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে । আজি আৰক্ষীয়ে লখিমপুৰত হত্যাকাৰীক লৈ কেনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল সেই সন্দৰ্ভত হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়ন কৰে । এই সময়ত ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । উল্লেখ যে যোৱা ২৯ জুলাইৰ নিশা বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা লীলাবস্তীৰ ভালাবস্তিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ।পৰকীয়া প্ৰেমৰ পৰিণতিতে প্ৰেমিকাৰ স্বামী ৰাজু ধানোৱাৰক নৃশংসভাৱে হত্যা কৰিছিল গোমনদী এল পি স্কুলৰ প্ৰধান শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁইয়ে । জানিব পৰা মতে – এনেম ধানোৱাৰ নামৰ এজন লোকৰ সহযোগত শিক্ষক জনে সংঘটিত কৰিছিল এই হত্যাকাণ্ড ।বগীনদী আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰী দুটাক লৈ শনিবাৰে দণ্ডাধীশৰ উপস্থিতিত, লখিমপুৰ আৰক্ষীয়ে ঘটনাস্থলীত ৰূপায়ণ কৰে হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়ন । আনহাতে হত্যাকাৰী শিক্ষক জনক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে স্থানীয় দল সংগঠনে

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ দীৰ্ঘা ভালাবস্তিৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা দুটা হত্যাকাৰীকলৈ আৰক্ষীৰ হত্যাকাণ্ডৰ দৃশ্যায়ন ...