লখিমপুৰ ১১ আগষ্ট ; লখিমপুৰ জিলাৰ বঙালমৰা আৰু বিহপুৰীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত ধন লোৱাৰ অভিযোগত বঙালমৰাৰ হাচিনা বেগম আৰু ফকৰুদ্দিনক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি লখিমপুৰ আৰক্ষীয়ে হাছিনা বেগমক লগত লৈ জিলাখনৰ বিহপুৰীয়া, বঙালমৰা ,আৰু লালুকত আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান । উল্লেখ যে যোৱা ছয় আগষ্টত বঙালমৰা ২ নং সোনাপুৰৰ নিৱাসী মহম্মদ মিনালউদ্দিনে তেওঁৰ লগত ঘটা ঘটনাৰ বৰ্ণনা কৰি বঙালমৰা আৰক্ষীৰ চকীত নাচিৰুদ্দিন ,ফকৰুদ্দিন আৰু হাচিনা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে বহুৰূপী হাছিনা বেগমৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে । আৰক্ষীয়ে হাছিনা বেগমৰ বাসগৃহত আজি পুৱাই অভিযান চলাই বৃহৎ পৰিমানৰ নকল সোণ ,ধন জব্দ কৰে ।আজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষীয়ে হাছিনাক লগত লৈ বিহপুৰীয়া, নাওবৈচা, লালুক আৰক্ষীৰ বৃহৎ দলে এই অভিযান চলায় । আৰক্ষীয়ে হাছিনাৰ ভাতৃৰ শোৱনি কোঠাত লুকুৱাই ৰখা অৱস্থাৰ পৰা জব্দ নকল সোণখিনি।আৰক্ষীৰ অভিযানৰ উমান পাই হাছিনাৰ ভাতৃয়ে পলায়ন কৰে । উল্লেখ যে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হাছিনা বেগমক আদালতত হাজিৰ কৰাই তিনিদিনৰ জিম্মাত লৈছিল ।










