লখিমপুৰ, ১২ আগষ্ট ; লখিমপুৰত আজি গ্ৰেপ্তাৰ হ’ল মহিলা সংগঠনৰ এগৰাকী নেত্ৰী । কেইবাটাও গোচৰৰ বিবাদ মীমাংসাৰ নামত দীৰ্ঘদিনে টকা সংগ্ৰহ কৰাৰ অভিযোগ থকা এই নেত্ৰী গৰাকী হৈছে জাগৃত নাৰী শক্তি অসমৰ সভানেত্ৰী মানসী ৰাজখোৱাক । যি গৰাকী নেত্ৰীক আজি গ্ৰেপ্তাৰ কৰিছে লখিমপুৰৰ লীলাবাৰী আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জানিব পৰা মতে –
মানসী ৰাজখোৱাৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হৈ আছিল বহু গোচৰ।ধেমাজীত ৰুজু হৈ থকা 260/21 নম্বৰ গোচৰ, বগীনদীৰ 867/20, লখিমপুৰত ৰুজু হৈ থকা 496/22, 256/20 আৰু 186/24 নম্বৰৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মানসী ৰাজখোৱাক ।বিভিন্ন পৰিয়ালৰ বিভিন্ন বিবাদ মীমাংসাৰ নামত মানসী ৰাজখোৱাই ধন দাবী কৰি অহা বুলি অভিযোগ আছিল নেত্ৰী গৰাকীৰ বিৰুদ্ধে ।