লখিমপুৰ, ৫ ফেব্ৰুৱাৰী ; সদৌ অসম নিবনুৱা সন্থা আৰু অসমী তাঁত শালৰ উদ্যোগত ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ সহযোগত ৪৫ দিনীয়া সমৰ্থ প্ৰশিক্ষণৰ আজি সামৰণি পৰে । এই উপলক্ষত আজি নাওবৈছা কাৰী গাঁৱৰ অসমী সেৱা কেন্দ্ৰত শিপিনী সকলক প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী সম্পন্ন হয় । আজি এই অনুষ্ঠানৰ আঁত ধৰে নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই । অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে লখিমপুৰৰ প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়াই । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমী তাঁতশালৰ এখনি প্ৰদৰ্শনী ,বাণিজ্যিক মেলা , অনুষ্ঠিত হয় । মেলাখনি মুকলি কৰে নাওবৈছা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপিকা কল্পনা বৰাই । সভাত অধ্যক্ষ গুনীন শৰ্মাই প্ৰশিক্ষণ প্ৰাপ্ত শিপিনী সকলক তেওঁলোকৰ পাৰদৰ্শিতাৰে অসমীয়া গামোছা, এৰি, মুগা, নুনি ,পাতৰ কাপোৰ নিজে তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে আৰ্থিক দিশত টনকিয়াল হবলৈ পৰামৰ্শ আগবঢ়ায় । সভাত হস্ত তাত শিল্প বিভাগৰ প্ৰাক্তন পৰিচালক মনোজ হাজৰিকা বিজেপিৰ প্ৰাক্তন সভাপতি ফণীধৰ বৰুৱা , জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰিচালক কৃতাৰ্থ শৰ্মা, নাওবৈছা খণ্ড উন্নয়ন বিষয়া পূৰ্ণিমা দত্ত , নাওবৈছা ষ্টেট বেংকৰ পৰিচালক ভবেশ পাতিৰে বক্তব্য আগবঢ়াই । সভাত সদৌ অসম নিবনুৱা সন্থাৰ সাংগঠনিক সম্পাদক ফজলুৰ ৰহমান, নিবনুৱা সংস্থাৰ জিলা সভাপতি বিনোদ দাস , লখিমপুৰ হস্ত তাঁত শিল্প কেন্দ্ৰ পৰিচালক বিতোপন দেউৰী , নিবনুৱা সন্থাৰ জিলা সম্পাদক ভূপেন সোণোৱাল উপস্থিত থাকে ।