লখিমপুৰ, ৯ ফেব্ৰুৱাৰী ; মিচিং জনগোষ্ঠীয় লোকৰ কৃষি ভিৰ্তিক আলি আয়ে লৃগাং উৎসৱটি এইবাৰ ঐতিহাসিক ঘূণাসুঁতিত কেন্দ্ৰীয় ভাবে উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে আগম মিগাং টাবুৰাম টাইড ক্ষেত্ৰ ঘূণাসুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মিচিং গুমৰাগ নৃত্যৰ কৰ্মশালাৰে উৎসৱটি অধিক আকৰ্ষণীয় কৰি তুলিবৰ বাবে ব্যাপক অনুশীলন অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে । উল্লেখ যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ আছে চহকী কৃষ্টি সংস্কৃতি। তেওলোকে পালন কৰা উৎসৱ সমুহৰ অন্যতম হল আলি আয়ে লৃগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং পালন কৰা হয়। তাৰ বাবে মাহজোৰা পূর্ব প্ৰস্তুতি ঘূণাসুঁতিত । বিশেষ কৈ আলি আয়ে লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্ত সমুহৰ অন্যতম আপং প্ৰস্তুত কৰা হৈছে কিছু দিনৰ আগতেই। লখিমপুৰ জিলাৰ ঘূণাসুতিৰ টাবুৰাম টাইড ক্ষেত্ৰ ঘূণাসুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কেন্দ্রীয় ভাৱে পালন কৰিব ২৪ সংখ্যক আলি আ:য়ে লৃগাঙ। উৎসৱৰ প্ৰাক ক্ষণত প্ৰতিদিনে বিয়লি ৩ বজাৰ লগে লগে ঘূণাসুতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ডেকা গাভৰু সকলে একেলগ হৈ আখৰাত ব্যস্ত হোৱা দেখা গৈছে ।
