জামুগুৰিহাট, ১৪ছেপ্তম্বৰঃ ন-দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চতিয়াৰ দক্ষিণ অঞ্চলৰ মিৰিহোলা প্ৰাথমিক বিদ্যালয়ত আছে ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী। দক্ষিণ চতিয়াৰ চাপৰি অঞ্চলত অৱস্থিত এই বিদ্যালয় খনত মাত্ৰ দুগৰাকী শিক্ষকে পাঠদান কৰাবলগীয়া হৈছে। নাই উপযুক্ত শ্ৰেনীকোঠা। কেতিয়াবা গছৰ তলত কেতিয়াবা বাৰান্দাতে কৰাবলগীয়া হৈছে পাঠদান। শিক্ষকৰ নিযুক্তিৰ বাবে আৱেদন জনাইছিল যদিও গুৰুত্ব নাই শিক্ষা বিভাগৰ। শিক্ষক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ দাবী শীঘ্ৰেই নিযুক্তি দিব লাগে ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ। ২০০৪চনতেই স্থাপন হোৱা বিদ্যালয় খনৰ গৃহ বুলিবলৈ আছে মাত্ৰ এটাই বিল্ডিং। এটি মাত্ৰ গৃহতেই পাঁচটাকৈ শ্ৰেনীৰ পাঠদান চলাই আছে দুগৰাকী শিক্ষকে। মিৰিহোলা প্ৰাথমিক বিদ্যালয়ৰ দৰেই এতিয়া চতিয়াৰ দক্ষিণ অঞ্চলত আন বহুতো বিদ্যালয় চলি আছে শিক্ষক আৰু শ্ৰেনী কোঠাৰ অবিহনে। জীৱনৰ আদি পাঠ গ্ৰহণ কৰিবলৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন গঢ় দিবলৈ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া হ’ব লক্ষ্যণীয় ।