লখিমপুৰ, ১৪ নৱেম্বৰ ঃ লখিমপুৰৰ বিভিন্ন পেট্ৰল ডিপোত তেল ভেজাল কৰণকে ধৰি বিভিন্ন দিশত এতিয়া ব্যাপক অনিয়ম সংঘটিত হৈছে৷ বিশেষকৈ যোগান বিভাগৰ দায়িত্বহীন স্থিতি, আই অ’ চি বিষয়াৰ লগতে প্ৰশাসনৰ ৰহস্যজনক স্থিতিৰ বাবেই লখিমপুৰৰ বিভিন্ন ডিপোত গ্ৰাহকক মাধমাৰ শোধাই আহিছে৷ গ্ৰাহকক নিৰ্দিষ্ট পৰিমাণৰ তেলৰ পৰিৱৰ্তে কমকৈ তেল দিয়া, ব্যাপক ভেজালকৰণ আদিৰ বাবে সৰ্বসাধাৰণ গ্ৰাহক লুণ্ঠিত হৈ আহিছে৷ আজি এনে কাৰ্যৰ বিৰুদ্ধে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত প্তটাকৈ জাতীয় সংগঠনে সংবাদমেল সম্বোধন কৰি ডিপো সমূহত চলি থকা ব্যাপক অনিয়মসমূহৰ তথ্য সদৰি কৰাৰ লগতে এনে ডিপোৰ বিৰুদ্ধে শীঘ্ৰে উপায়ুক্তৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰি অভিযান চলাব লাগে বুলি সংগঠন কেইটাই দাবী জনায়৷ উল্লেখ্য যে যোৱা ২ নৱেম্বৰত লখিমপুৰৰ আৰ আৰ পেট্ৰল ডিপোত ভেজাল তেল ভৰোৱাৰ ফলত চহৰখনৰ কুৰিখনৰো অধিক যানবাহন পথৰ মাজতে বিকল হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিভিন্ন গ্ৰাহকে ডিপোটোলৈ আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত যোগান বিভাগে নিশাই ডিপোতো বন্ধ কৰি দিবলৈ বাধ্য হয়৷ পিছত ডিপোত চলা এনে অনিয়মৰ সন্দৰ্ভত লখিমপুৰৰ প্ত টাকৈ সংগঠন ক্ৰমে মানৱ অধিকাৰ সংগ্ৰাম সমিতি, সচেতন নাগৰিক মঞ্চ, সদৌ অসম হিন্দু যুৱ-পৰিষদ, অসমীয়া যুৱ মঞ্চ, ট্ৰাইবেল ইয়ুথ লীগে ভেজালকৰণৰ সন্দৰ্ভত এক স্মাৰক পত্ৰ যোগে লখিমপুৰ জিলাৰ উপায়ুক্তক যোৱা প্ত নৱেম্বৰত এক স্মাৰক পত্ৰ প্ৰদান কৰে যদিও জিলা উপায়ুক্তই ডিপোৰ ভেজালকৰণৰ বিৰুদ্ধে কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি আজি সংগঠন সমূহে সংবাদমেলত যোগান বিভাগ, আই অ’ চি বিষয়া আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ আজিৰ সংবাদমেলত লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ মুখ্য সংগঠক অজিত বুঢ়াগোহাই, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লখিমপুৰৰ জিলা সচিব ইব্ৰাহীম আলী, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপম শইকীয়া, সদৌ অসম হিন্দু যুৱ পৰিষদৰ সম্পাদক সম্ভু সিংহ, ট্ৰাইবেল ইয়ুথ লীগৰ হৈ বসন্ত টাইদ, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক চিৰঞ্জিত হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰি লখিমপুৰ জিলা প্ৰশাসনক এখন তদন্ত সমিতি গঠন কৰি লখিমপুৰৰ প্ৰতিটো ডিপোৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী জনায়৷
Home অসম আৰু উত্তৰপূব লখিমপুৰত ৫ সংগঠনৰ সংবাদমেল ভেজাল পেট্ৰল ডিপোৰ বিৰুদ্ধে তদন্তৰ দাবী গৰজি উঠিল...










