নিউজ ডেক্স,৫ ফেব্ৰুৱাৰীঃ আদানী গ্ৰুপ আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ গোচৰ এতিয়া উচ্চতম ন্যায়ালয়ত আছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু আদানি গ্ৰুপৰ কোম্পানীত বিনিয়োগ কৰাসকলৰ ক্ষতিপূৰণ বিচাৰি উচ্চতম আদালতত পিআইএল দাখিল কৰিছে এম এল শৰ্মা নামৰ এজন অধিবক্তাই। আবেদনখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ শ্বৰ্ট চেলিং প্ৰতিষ্ঠানটো আৰু ইয়াৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনৰ বিৰুদ্ধেও তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আবেদনকাৰীয়ে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত এণ্ডাৰছনক ‘শ্বৰ্ট-চেলাৰ’ বুলি অভিহিত কৰি আদানী গ্ৰুপৰ কোম্পানীসমূহৰ ‘নিৰীহ বিনিয়োগকাৰী সকলক প্ৰতাৰণা’ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে আহ্বান জনাইছে ।
শুকুৰবাৰেও আদানীৰ শ্বেয়াৰৰ হ্ৰাস অব্যাহত আছে। বিশেষজ্ঞসকলৰ মতে, হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰৱঞ্চনাৰ অভিযোগৰ পিছত আদানীয়ে বিত্তীয় দিশটোৰ ওপৰত বিনিয়োগকাৰী আৰু বজাৰৰ আস্থা ঘূৰাই অনাৰ বাবে অধিক কাম কৰাৰ প্ৰয়োজন আছে। বৰ্তমান আদানী গ্ৰুপৰ মূল্য ১২০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। আদানি গোটৰ শ্বেয়াৰৰ মূল্যৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ গৱেষণা কোম্পানীৰ এক প্ৰতিবেদনে এতিয়া দেশখনত এক আলোড়নৰ সৃষ্টি কৰিছে। ফলস্বৰূপে, আদানি গ্ৰুপৰ শ্বেয়াৰ যথেষ্ট হ্ৰাস পাইছে। ভাৰতীয় জীৱন বীমা নিগম (এল.আই.চি.) আৰু বেছিভাগ বেংকৰ শ্বেয়াৰ ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ, ৰাজ্যিক বেংকৰ শ্বেয়াৰৰ মূল্য হাজাৰ হাজাৰ কোটি টকালৈ হ্ৰাস পাইছে। এলআইচি আৰু ষ্টেট বেংকৰ আদানিৰ কোম্পানীত বৃহৎ বিনিয়োগ আছে। ইয়াৰ ফলত ভাৰতৰ সামগ্ৰিক অৰ্থনীতিয়ে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে।