নিউজ ডেক্স,৫ ফেব্ৰুৱাৰীঃ শ শ অপৰাধীৰ চিণ্ডিকেটৰাজ। তেওঁলোকৰ মাজত চলে গেং ৱাৰ। এই অপৰাধীবোৰক এসময়ত আৰক্ষীয়ে ধৰিবলৈ আৰম্ভ কৰে। তাৰ বাবে নিৰ্মাণ কৰা হয় এখন বিশাল কাৰাগাৰ। যিখনক পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু কঠোৰ নিয়ম থকা কাৰাগাৰ হিচাপে দেশখনে দাবী কৰে। এল চালভাডৰ হৈছে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজভাগত অৱস্থিত এখন সৰু দেশ। ইয়াৰ জনসংখ্যা দেশখনৰ তুলনাত বহুত বেছি। প্ৰায় ৬.৫ লাখতকৈও অধিক। এল চালভাডৰ ১৯৮০ চনৰ পৰা ১৯৯২ চনলৈ গৃহযুদ্ধত ভুগি আছিল। হাজাৰ হাজাৰ লোকৰ মৃত্যুও হৈছিল। একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই এই দেশত অপৰাধ আৰু চোৰাং ব্যৱসায় ব্যাপকভাৱে চলি আহিছে। এটাৰ পিছত আনটো গেঙে মূৰ দাঙি উঠিছে। ফলত দেশখনত অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰি ৰখাৰ ঠাই বৃদ্ধি হোৱা নাই। অৱশেষত সেই সমস্যাটো সমাধান কৰিবলৈ নিৰ্মাণ কৰা হয় এক বৃহৎ কাৰাগাৰ। য’ত ৪০,০০০ লৈকে বন্দী থাকিব পাৰে। দেশখনত অপৰাধৰ সংখ্যা বৃদ্ধি হোৱাত বিৰক্ত হৈ ৰাষ্ট্ৰপতি নাইব বুকেলে কেবিনেটক বিগত বছৰ মাৰ্চত বিশেষ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। তাৰেই ফলস্বৰূপে চৰকাৰে বিশেষ ক্ষমতা প্ৰয়োগ কৰি নাগৰিকসকলৰ ফোনত টেপ কৰাটো আইনী ভাবে বৈধ কৰে। দেশখনত কোনো ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰা হয় ৬২,০০০ ‘অপৰাধী’ক। কাৰাগাৰখনত ৬০০ জন জোৱান আৰু ২৫০ জন আৰক্ষী কৰ্মী পহৰাত ব্যস্ত থাকে। উল্লেখ্য যে ২০২১ চনলৈকে সমগ্ৰ দেশখনত ২০ খন কাৰাগাৰত ৩০,০০০ বন্দী আছিল। য’ত প্ৰকৃততে ৩৫,৯৭৬ জন বন্দীৰ বাবেহে সুবিধা আছিল। তাৰেই পৰিণতিত এই কাৰাগাৰখন নিৰ্মাণ কৰে চৰকাৰে। জানিব পৰা মতে এই কাৰাগাৰত যৌন কৰ্মী, প্লে ষ্টেচন, টিভি, মোবাইল ফোন, কম্পিউটাৰ আদি সকলোৰে ওপৰত আছে ৰাষ্ট্ৰপতিৰ নিষেধাজ্ঞা।