বৰপেটা, ২৮ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাতকুছিস্হিত ইটা ভাটা সমূহত অস্বাস্থ্যকৰ পৰিবেশত পুৰুষ-মহিলা শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰাটো পৰিলক্ষিত হৈছে। উল্লেখ্য যে উক্ত ইটা ভাটা সমূহত অস্হায়ী ভাবে টিনপাতৰ চালি সাজি বাস কৰা শ্ৰমিক সকলৰ শৌচ-প্ৰস্ৰাবৰ বাবে স্বাস্থ্য সন্মত ব্যৱস্থা নাই। এজাক বৰষুণ দিলেই শ্ৰমিক সকল বাস কৰা ঠাই বোকাময় লেতেৰা হৈ পৰে। উক্ত ভাটা সমূহত কম বয়সৰ ল’ৰা-ছোৱালী ইটা বনোৱা কাৰ্যত জড়িত কৰি ভাটাৰ গৰাকীয়ে অধিক মুনাফা লাভ কৰাৰ অভিযোগ দীৰ্ঘ দিনৰ পৰাই উত্থাপিত হৈ আহিছে।ইটা ভাটাৰ কলা ধোৱাই পৰিবেশ বিনষ্ট কৰাৰ লগতে কয়লা,কাঠ খৰি,মাটি,ইটা আদি কঢ়িয়াই নিয়া ট্ৰাক,ট্ৰেক্টৰ, ভ্যান আদি যান-বাহন দিনে-নিশাই তীব্ৰ গতিত চলাই সাধাৰণ পথচাৰী যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে।ইটাভাটা সমূহৰ আশে-পাশে থকা শিক্ষানুষ্ঠান সমূহৰ কাষেদি যধে-মধে পথ উলিয়াই ট্ৰেক্টৰ, ডাম্পাৰ, ভ্যান আদি তীব্ৰ গতিত চলাই কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ ভাতকুছি আঞ্চলিক জাতীয় বিদ্যালয়,শ্ৰীমন্ত শংকৰ-মাধব জুনিয়ৰ কলেজ, ভাতকুছি মছজিদ আদিৰ মাজেদি পথ উলিয়াই ধূলি-বালি উৰুৱাই ছাত্ৰ- ছাত্ৰীক অস্বাস্থ্যকৰ পৰিবেশৰ মাজলৈ ঠেলি দিছে। অস্বাস্থ্যকৰ পৰিবেশত শ্ৰমিক সকলক অভাৰ টাইম খটোৱা,উপযুক্ত পৰিৱেশত বাস কৰিবলৈ নিদিয়া,শিশু শ্ৰমিক নিয়োগ কৰা আদি অনৈতিক কাৰ্য বন্ধ কৰিবলৈ স্হানীয় সচেতন ৰাইজ, স্বেচ্ছাসেৱী সংগঠন আদিয়ে বাঘবৰ ৰাজহ চক্ৰ বিষয়াক দাবী জনোৱাৰ লগতে বৰপেটা জিলা উপায়ুক্তৰ দৃষ্টি আকৰ্ষণ কৰিছে।