কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পাণ্ডু বন্দৰ চৌহদ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উচ্চ পথ কৰিড’ৰ পৰিদৰ্শন কৰে। ১৮০ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মিত এই কৰিড’ৰটোৱে পাণ্ডু বন্দৰৰ সংযোগ উন্নত কৰি দ্ৰুত মালবাহী চলাচলৰ সুবিধা প্ৰদান কৰিব। শুকুৰবাৰে ইয়াৰ শুভ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।