গুৱাহাটী,১৫ মাৰ্চ : অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনাৰে গুৱাহাটীৰ খানাপাৰাত “যুৱ শক্তি সমাৰোহ”ত লক্ষাধিক যুৱ শক্তিয়ে একেলগে সংকল্প ল’লে— “আকৌ এবাৰ বিজেপি চৰকাৰ।” দেওবাৰে গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা বিজেপিৰ যুৱ শক্তি সমাৰোহত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। সমাৰোহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে-লগে অসমৰ ১০ লাখ নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ আৰু ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত সংস্থাপন কৰাকে ধৰি বিভিন্ন আঁচনি হাতত লোৱা হ’ব বুলি সদৰি কৰে। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত অসমখনক বিদেশীমুক্ত কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিগত বছৰসমূহত চলা অবৈধ বেদখল ভূমিৰ উচ্ছেদ অভিযানক ভূয়সী প্ৰশংসা কৰে আৰু অনাগত দিনত এই অভিযান আৰু অধিক শক্তিশালী কৰাৰ কথা আজি মুকলিকৈ ঘোষণা কৰে। সমাৰোহত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে যুৱ সমাজক উদ্দেশি বক্তব্য আগবঢ়ায়।









