গুৱাহাটী,৪ জুলাই : কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য ,জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, এডিচিপি ট্ৰেফিক-২ মৃন্ময় গোস্বামী, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি পথ সুৰক্ষা সমিতিৰ সৈতে জড়িত লোকনিৰ্মাণ, স্বাস্থ্য, আবকাৰী আদি বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় । বৈঠকৰ আৰম্ভণীতে জিলা আয়ুক্তগৰাকীয়ে বিগত বৈঠকত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ কাম-কাজৰ খতিয়ান লয় । তদুপৰি নুনমাটি-দীঘলীপুখুৰী সংযোগী মহাৰজা পৃথু উৰণ সেতু সময়ে সময়ে নিৰীক্ষণ কৰাৰ লগতে বৰষুণৰ বতৰত কোনো যান-বাহন ব্যৱহাৰকাৰীৰে যাতে বিপদ নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । তদুপৰি সময়ে সময়ে আন নতুন উৰণীয়া সেতুসমূহো নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। বৰ্তমানো মহানগৰীৰ বিভিন্ন স্থানত থকা উন্মুক্ত মেনহ’লৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে অনাগত দিনত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা পাৰ্যমানে হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ নিজৰ বিভাগৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পথছোৱাৰ সঠিক নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা নিশ্চিত কৰি জনসাধাৰণৰ সুবিধা বজাই ৰখা,একাংশ পথ-খননকাৰী সংস্হাই গ্ৰহণ কৰা পথ পুনৰুদ্ধাৰ কাম -কাজ,গ্ৰীণ বাছসমূহক নিয়ন্ত্ৰণ ,অনুজ্ঞা পত্ৰ নোহোৱা বাৰসমূহ বন্ধ কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । বৈঠকত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মহানগৰ জিলাখনত সুশৃংখলিত আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত সুৰাপায়ী চালকক নিয়ন্ত্ৰণ কৰাৰ লগতে পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন দিশসমূহ টনকিয়াল কৰাৰ বাবে পৰিবহণ বিভাগে আগন্তুক দিনত বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক পথৰ নীতি-নিয়ম তথা যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। ইফালে বৈঠকত পৰিবহণ বিভাগে গুৱাহাটীৰ বিভিন্ন এলেকাৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ পাৱাৰ প্ৰেজেনটেশ্বন পদ্ধতিৰে প্ৰদৰ্শন কৰে।
Home অসম আৰু উত্তৰপূব মহানগৰীত পথ দুৰ্ঘটনা ৰোধৰ বাবে নতুন উৰণীয়া সেতুসমূহ নিৰীক্ষণৰ নিৰ্দেশ জিলা আয়ুক্তৰ










