লখিমপুৰ,৬ জুলাই ; লখিমপুৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰে জানিব পৰা মতে দেওবাৰে পুৱা ৭-৪৫ বজাত লীলাবাৰীৰ পৰা লখিমপুৰ নগৰৰ খেলমাটিলৈ AS-07-CC-2303 নম্বৰৰ এখন ই-ৰিক্সাৰে লৈ গৈ থকা অৱস্থাত জব্দ কৰে মাংসখিনি। ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে আজিজুৰ ৰহমান আৰু মুজিবুৰ ৰহমানক নামৰ দুজন লোকক । এক গোপন তথ্যৰ ভিৰ্তিত ভিত্তিত খেলমতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই দীপংকৰ দলে আৰু. আশা বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খেলমতি ৱাৰ্ড নং-১৪, আশ্ৰাফ আলী পথস্থিত মৃত ছফিকুৰ ৰহমানৰ পুত্ৰ মোঃ মুজিবুৰ ৰহমান (৪৪)ৰ বাসগৃহৰ চৌহদত উক্ত ইলেক্ট্ৰিক অ’টো-ৰিক্সাখন আটক কৰে। ই -ৰিক্সাখন চলাই আছিল লখিমপুৰ থানাৰ অন্তৰ্গত চুটিয়াকাৰী, নিবাসী মোঃ নুৰ মহম্মদৰ পুত্ৰ মোঃ আজিজুৰ ৰহমানে (৩৫)। আৰক্ষীৰ তালাচীৰ সময়ত ই-ৰিক্সাখনৰ পৰা ৫৮টা বগা ৰঙৰ প্লাষ্টিকৰ পলিথিন বেগত পেক কৰা মুঠ ৬৫.৫০ কিলোগ্ৰাম আৰু এটা বগা-মেৰুন ৰঙৰ প্লাষ্টিকৰ বেগত পেক কৰা ২০ কিলোগ্ৰাম, সৰ্বমুঠ ৮৫.৫০ কিলোগ্ৰাম সন্দেহজনক গৰুৰ মাংস উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে সাক্ষীৰ উপস্থিতিত উক্ত মাংসখিনি মোঃ আজিজুৰ ৰহমান আৰু মোঃ মুজিবুৰ ৰহমানৰ দখলৰ পৰা জব্দ কৰে । ইয়াৰ উপৰিও তালাচীৰ সময়ত AS-07-CC-2303 নম্বৰৰ ইলেক্ট্ৰিক -ৰিক্সাখন আৰু এটা ভিভ মোবাইল ফোনো অভিযুক্তৰ দখলৰ পৰা জব্দ কৰা হয়। আৰক্ষীৰ মতে -অভিযুক্ত মোঃ আজিজুৰ ৰহমানৰ স্বীকাৰোক্তিমূলক বক্তব্য আৰু তেওঁ দেখুওৱা অনুসৰি লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লীলাবাৰী বালিজানস্থিত তেওঁৰ আত্মীয়ৰ বাসগৃহত অভিযান চলায়। অভিযানত সন্দেহজনক পশু কটাত ব্যৱহৃত তিনিখন লোহাৰ দা আৰু তিনিখন লোহাৰ ছুৰী উদ্ধাৰ কৰি সাক্ষীৰ উপস্থিতিত জব্দ কৰা হয়। ঘটনাৰ সৈতে জড়িত দুয়োগৰাকী অভিযুক্তক বৰ্তমান উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে।










