গুৱাহাটী,১০ জুলাই : সদনত শুকুৰবাতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২০২৬-২৭ বর্ষৰ ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে। বাজেট প্ৰাককলন পাঠ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “২০২৬-২৭ বর্ষৰ বাজেট প্রাককলনত বাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১৫১৮৪৩.২৩ কোটি টকাৰ প্রাপ্তি প্রদর্শন কৰা হৈছে। ইয়াৰে ১১৮৫৬২.২৩ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩৩২৮১ কোটি টকা মূলধন শিতানত।” তেওঁ লগতে কয়, “ৰাজহুৱা শিতানত ১৩৪৪৬৬.২২ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০০ কোটি টকা যোগ হোৱাৰ পিছত সর্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২৮৮৩০৯.৪৫ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৬-২৭ বৰ্ষত ৰাজ্যখনৰ একত্রীকৃত নিধিব পৰা সর্বমুঠ ব্যয়ৰ পৰিমাণ ১৫৬৭১৪.৮৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক ১১৮৫৬২.২৩ কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক ৩৮১৫২.৬৫ কোটি টকা। ৰাজহুৱা শিতানত হোৱা ব্যয় ১২৬৩৬৯.৫৭ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোৰ সর্বমুঠ প্রাককলিত ব্যয়ৰ পৰিমাণ হ’ব ২৮৫০৮৪.৪৫ কোটি টকা। এইদৰে বছৰটোত হোৱা লেনদেনৰ বাবদ আনুমানিক ৩২২৫ কোটি টকা ৰাহি হ’ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ৩৬৪৪.২৬ কোটি টকাৰ হিচাপ মিলালে ২০২৬-২৭ বর্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৪১৯.২৬ কোটি টকা হ’বগৈ।” ২০২৬-২৭ বিত্তীয় বর্ষৰ বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নির্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।