লখিমপুৰ, ৮ জুলাই ; সোৱণশিৰিৰ নামনিত সুৰক্ষা বান্ধৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি বুধবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। সোৱণশিৰিৰ নামনিত সুৰক্ষা বান্ধৰ আবণ্টিত ধনৰ বৃহৎ কেলেংকাৰি অভিযোগ কৰাৰ লগতে ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী কৰে ৰাইজে। খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা জিঅ’ বেগৰ কাম নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ স্থানীয় ৰাইজৰ এন এইচ পি চি ঠিকাদাৰ হাইদৰ আলী আৰু বিনোদ পেগুক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে । উল্লেখ যে ঘূণাসুতিৰ বলিভেটাত প্রায় ৯০০ মিটাৰ দৈৰ্ঘ্যত সোৱণশিৰি খহনীয়া ৰোধৰ বাবে ঠিকা আবণ্টন লাভ কৰিছিল ঠিকাদাৰদ্বয়ে। প্ৰায় ১২ কোটি টকীয়া এই আঁচনিখন নিম্নমানেৰে কাম কৰাৰ বাবেই অঞ্চলটো সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰাই নহয় জিঅ’বেগবোৰ পেলাই থোৱা ঠাইতে গেলি পচিব ধৰিছে। ঘূণাসুঁতিত সোৱণশিৰিৰ এই প্ৰবল গড়াখহনীয়া নৈৰ বুকুত বিলীন হৈ গ’ল খেতি মাটি, ঘৰৰ ভেটি আৰু ধান খেতি । উক্ত এলেকাতে বালিভেটাত ৯০০ মিটাৰ দৈৰ্ঘ্যৰ কাম কৰি আছে হাইদৰ আলী ঠিকাদাৰ আৰু বিনোদ পেগু নামৰ দূজন ঠিকাদাৰে । দুয়োজন ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ নিজৰ ইচ্ছা মতে কৰাৰ অভিযোগ উত্থাপিত কৰিছে। বিগত দুবছৰ ধৰি কাম বন্ধ কৰি থোৱাৰ অভিযোগ ৰাইজৰ । ঘূণাসুতি অঞ্চলৰ লোকে খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। ঘূণাসুঁতি পঞ্চায়তৰ অন্তৰ্গত কলিয়নী, বালিভেতা আৰু নাহৰণী আৰু ১নং বামুনিজান গাঁৱৰ ৰাইজৰ হাজাৰ হাজাৰ এক্টৰ ভুমি নদীৰ বুকুত জাহ গৈছে ।উল্লেখ্য যে ঘূণাসুতি অঞ্চলত প্ৰত্যেক বছৰ বাৰিষা ভয়াৱহ ৰূপ ধাৰণ কৰে গৰাখহনীয়াই ।










