গুৱাহাটী,৪ আগষ্ট : উজনিৰ ভয়াৱহ বান পৰিস্থিতিক লৈ যিকোনো ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰোতে সাৱধান হওক। অন্যথা বিপদত পৰিব পাৰে। এইক্ষেত্রত সাৱধান কৰি দিছে অসম আৰক্ষীয়ে। বিশেষকৈ অসম আৰক্ষীয়ে ‘কনটেণ্ট ক্ৰিয়েটৰ’সকলক বানপীড়িত শিশুসকলৰ গোপনীয়তা, সুৰক্ষা আৰু মৰ্যাদা সুৰক্ষিত ৰাখিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে উজনি অসমত বানৰ অভাৱনীয় পৰিস্থিতিকলৈ সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ চলাৰ লগতে বহু হৃদয়বিদাৰক ফটো আৰু ভিডিঅ’ প্ৰচাৰিত হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বানপীড়িত শিশুসকলৰ সুৰক্ষা, গোপনীয়তা আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ ওপৰত অসম আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰিছে। লক্ষণীয় বিষয় যে বান পৰিস্থিতিক লৈ বানাক্ৰান্তৰ বিভিন্ন দৃশ্যগ্ৰহণ আৰু প্ৰচাৰৰ নামত একাংশ কনটেণ্ট ক্ৰিয়েটৰ তথা সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে শিশুসকলকো তুলি ধৰিছে। যিটো বিষয় অসম আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। মঙলবাৰে অসম আৰক্ষীয়ে কনটেণ্ট ক্ৰিয়েটৰসকলৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে। সামাজিক মাধ্যমযোগে অসম আৰক্ষীয়ে আগবঢ়াইছে এই পৰামৰ্শাৱলী।
অসম আৰক্ষীৰ পৰামৰ্শ সমূহ হৈছে :
১. বানপীড়িত শিশুৰ যিকোনো ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পূৰ্বে শিশুৰ মুখমণ্ডল ‘ব্লাৰ’ কৰিব লাগিব।
২. বানপীড়িত শিশুসকলৰ নাম, ঠিকনা, বিদ্যালয়ৰ বিৱৰণ বা তেওঁলোকৰ সঠিক অৱস্থান আদি ৰাজহুৱা কৰিব নোৱাৰিব।
৩. ‘কনটেণ্ট’ৰ বাবে দুৰ্গত শিশুসকলৰ সাক্ষাৎকাৰ নোলোৱাৰ বাবে কোৱা হৈছে। লগতে শিশুসলক সেই ভয়াৰ্ত আৰু দুখজনক অভিজ্ঞতা পুনৰ বৰ্ণনা কৰিবলৈ বাৰন কৰা হৈছে।
৪. শিশু এটিক বিপদত বা অস্বস্তিত পেলাব পৰা যিকোনো দৃশ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে।
৫. এনে ক্ষতিকাৰক ‘কনটেণ্ট’ আনলৈ ফৰৱাৰ্ড কৰাৰ পৰা বিৰত থাকক। এনে কৰিলে অসম আৰক্ষীয়ে তৎক্ষণিকভাৱে ৰি’ৰ্পট কৰাৰ বাবে আহ্বান জনাইছে। শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত সকলোকে দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ অসম আৰক্ষীয়ে অনুৰোধ জনাইছে।










