লখিমপুৰ, ৬ অক্টোবৰ : লখিমপুৰত আৰক্ষীয়ে এক বৃহৎ তেল চুৰি চক্ৰ উৎখাত কৰে । তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি থাকোঁতেই আৰক্ষীয়ে জব্দ কৰে AS 04 BC 5961 নম্বৰৰ তেলৰ টেংকাৰসহ বৃহৎ পৰিমানৰ চুৰি তেল। ঘটনাৰ স্থান লীলাবাৰী জনকপুৰত । আৰক্ষীৰ এই অভিযানৰ সময়ত প্রায় ২২০ লিটাৰ ধাৰণ ক্ষমতাসম্পন্ন ৫২টা প্লাষ্টিকৰ ড্ৰামসহ সন্দেহযুক্ত ডিজেল, পেট্র’লিয়ামজাত সামগ্রী মজুত থকা অৱস্থাত পোৱা যায়। ইয়াত ১১,৪৪০ লিটাৰ পেট্ৰ’লিয়ামজাত সামগ্রী থকা বুলি অনুমান কৰা হৈছে।জানিব পৰা মতে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত লখিমপুৰ সদৰ আৰক্ষীয়ে এই অভিযান চলায় । অভিযানত বহু হাজাৰ লিটাৰ চুৰি তেল উদ্ধাৰ কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে লখিমপুৰৰ লীলাবাৰী জনকপুৰৰ নিবাসী সুৰেন তালুকদাৰ আৰু তেওঁৰ পুত্ৰ শৰৎ তালুকদাৰে দীৰ্ঘদিন ধৰি চলাই আহিছিল তেলৰ এই চোৰাং বেহা । আই অ’ চি এলৰৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰা তেলৰ টেংকাৰ সহ চুৰি কাৰ্যত জড়িত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লখিমপুৰ পশ্চিম চান্দমাৰীৰ জহুৰ আলি (৪৯), লালুকৰ ১ নং কেহুতলীৰ ৱাজিদ আক্ৰম (২৪), লীলাবাৰী জনকপুৰৰ মণি শংকৰ তালুকদাৰ (৩০), লীলাবাৰী জনকপুৰৰ বিতুল বৰাক (২৩) গ্ৰেপ্তাৰ কৰে । আনহাতে আৰক্ষী অভিযানৰ উমান পাই পলায়ন কৰে তেল চুৰিৰ মাষ্টৰ মাইন সুৰেন তালুকদাৰ আৰু তেওঁৰ পুত্ৰ শৰৎ তালুকদাৰ ।










