গুৱাহাটী,৫ জুনঃ অসম আৰক্ষীৰ বিতৰ্কিত উপ পৰিদৰ্শক জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ৷ নগাঁও আৰক্ষী অধীক্ষকে এক নিৰ্দেশ যোগে জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বিত কৰিছে। উল্লেখ যে তিনিদিনৰ জেৰাৰ অন্তত শনিবাৰে জোনমণি ৰাভাক প্ৰৱঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউন্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল। প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণি ৰাভাই প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷ জোনমণি ৰাভাৰ এজাহাৰৰ ভিত্তিতে হ’ব লগা স্বামী ৰাণা পগাগৰক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ যে বিধায়কৰ ফোন টেপিঙৰে সংবাদ শিৰোনামা দখল কৰা এছ আই জোনমণি ৰাভাই প্ৰেমিক ৰাণা পগাগক গ্ৰেপ্তাৰ কৰোৱাই বাতৰি শিৰোনামা দখল কৰিছিল যদিও তেওঁৰ সেই জনপ্ৰিয়তা মাজুলীৰ গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা একাধিক গোচৰে নোহোৱা কৰি খলনায়িকা কৰিলে। সেই গোচৰৰ ভিত্তিত তিনিদিন মাজুলী আৰক্ষীয়ে জেৰা কৰাৰ অন্তত শণিবাৰে গ্ৰেপ্তাৰ হব লগা হ’ল নগাঁৱৰ কলিয়াবৰ আৰক্ষী থানাৰ এছ আই জোনমণি ৰাভা। নগাঁও জিলাত প্ৰথমে ৰহা থানাত জোনমণি ৰাভাৰ পোষ্টিং হোৱাৰ পিছত নগাঁও সদৰ থানালৈ বদলি হৈছিল ৷ সদৰ থানাত থকা অৱস্থাতে জোনমণি ৰাভাক মহিলা আৰক্ষী কোষৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷ শেহতীয়াকৈ বিতৰ্কত সোমাই পৰাত নগাঁৱৰ পৰা কলিয়াবৰলৈ বদলি কৰা হৈছিল ৷ কলিয়াবৰত যোগদান কৰিছিল যদিও জোনমণিয়ে স্বাস্থ্যজনিত কাৰণত ছুটি লৈ আছিল। যি অভিযোগ আনি প্ৰেমিক তথা হ’ব লগীয়া স্বামীক ৰঙাঘৰলৈ এছ আই জোনমণি ৰাভাই পঠাবলৈ সক্ষম হৈছিল আৰু সেই একে অভিযোগতে শণিবাৰে ৰঙাঘৰত সোমাল জোনমণি ৰাভা। মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
