লখিমপুৰ ৩০ জুন ; ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি ,বান সমস্যাৰ স্থায়ী সমাধান ,বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ দাবীত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি এক বিক্ষোভ কাৰ্যসূচীৰে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে । ।অসমৰ অৰ্থনৈতিক ভেটি ভাঙি টচনচ কৰা বান-গৰাখহনীয়া বিষয়টো কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে সময়োপযোগী ব্যৱস্থা নোলোৱাটো অতি দুৰ্ভাগ্যজনক বুলি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ অসমত আজি বানপানীয়ে ধ্বংস লীলা চলাই অহাৰ পাছতো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে উপযুক্ত সাহায্য প্ৰদান নকৰাটো অতি পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে ।

সন্থাৰ অভিযোগ- সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ জিলাৰ নদী সমূহৰ ওপৰত বিজ্ঞান সন্মত ভাবে অধ্যয়ন কৰি ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনায় আহিছে যদিও চৰকাৰে এই সম্পৰ্কত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই । কেৱল বানপানীৰ সময়ত কোটি কোটি টকা অপৰিকল্পিত ভাবে খৰছ কৰি লুণ্ঠন চলাই থকা দেখা যায় বুলি মন্তব্য কৰি বান সমস্যাৰ মূল কাৰক হিচাপে প্ৰতিপন্ন কৰে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ,ডিক্ৰংৰ ওপৰত থকা ‘পাৰে” প্ৰকল্পক আৰু নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পক ।লখিমপুৰ জিলাৰ জলসম্পদ বিভাগটো কেইজন মান বিষয়া ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহ হিচাপে পৰিগণিত হৈছে বুলি জলসম্পদ বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ৰ নামত কোটি কোটি টকা অপচয় আৰু আত্মসাৎ কৰা পৰিলক্ষিত হৈছে বুলি স্পষ্ট অভিযোগ তোলে ।

তেওঁলোকে কয় -বানৰ দুৰ্যোগৰ সময়ছোৱাত বান ক্ষতিগ্ৰস্তক সাহাৰ্য্যৰ নামটো ব্যাপক বিশৃংখল হৈছে।আজিৰ কাৰ্যসূচীৰ জৰিয়তে বান গৰাখহনীয়াৰ স্থায়ী সমাধান ,অসমক বিশেষ বিত্তীয় পেকেজ ঘোষণা,বান ক্ষতিগ্ৰস্ত পুনৰ সংস্থাপনৰ দাবী জনোৱাৰ লগতে লক্ষীমপুৰ জিলাখনত জলসম্পদ বিভাগৰ সকলো আঁচনি মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্সৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনালো।

আজি এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰা,কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত,সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কোঁৱৰ,ফৰিদূৰ ৰহমান, সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ , আদি কৰি সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থা,মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ ছাত্ৰ কৰ্মী সকল উপস্থিত থাকে ।