গুৱাহাটী,২৫ জুলাইঃ ৰাজ্যিক বিজেপি উদ্যোগত ২৩ জুলাইৰ পৰা অনুষ্ঠিত তিনিদিনীয়া আৱাসিক প্রশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক প্রশিক্ষণ শিৱিৰত তিনিদিনত সৰ্বমুঠ পোন্ধৰটা বিভিন্ন বিষয়ত বিভিন্ন সমল ব্যক্তিয়ে দলৰ বিভিন্ন স্তৰৰ দুই শতাধিক নেতৃত্ব বহন কৰা গুৰুত্বপূৰ্ণ পদাধিকাৰী কাৰ্যকৰ্তাক প্রশিক্ষণ প্রদান কৰে। ইয়াৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ বিকাশৰ যাত্ৰা সম্পৰ্কে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সহ প্রভাৰী পৱন শৰ্মা আৰু জ্যেষ্ঠ নেতা ড০ প্ৰদীপ ঠাকুৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতি সম্পর্কে ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্রীয় চৰকাৰৰ গৰীৱ কল্যাণ যোজনা সম্পর্কে গ্রামোন্নয়ণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ সম্পৰ্কে হেমন্ত গোস্বামী , কেন্দ্রীয় চৰকাৰৰ কৃষিৰ ক্ষেত্ৰত লোৱা পদক্ষেপ আৰু আমাৰ উপলদ্ধি সম্পর্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য বিদ্যুৎ চৰণ ডেকা, আমাৰ বিচাৰ পৰিবাৰ সম্পৰ্কে অজয় কোঁৱৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দূৰদৰ্শীমূলক নীতি সম্পর্কে পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, ৰাষ্ট্ৰৰ পুনঃ
নিমার্ণত বিজেপিৰ অৰিহণা সম্পর্কে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰু ইয়াৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ সম্পৰ্কে জলসিঞ্চন মন্ত্রী অশোক সিংহাল, একান্ত মানৱতাবাদ সম্পৰ্কে উত্তৰ-পূবৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল, ভাৰতবৰ্ষৰ বৰ্তমান সুৰক্ষা সামৰ্থ সম্পৰ্কে ৰাজ্যিক সাধাৰণ সম্পাদক দ্বিপ্লুৰঞ্জন শৰ্মা, আমাৰ দলৰ কাৰ্যপদ্ধতি সম্পৰ্কে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, সংবাদ প্ৰৱন্ধন সম্পৰ্কে ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, বৰ্তমান ৰাজনৈতিক পৰিদৃশ্য, অসম চৰকাৰৰ সুশাসনৰ আৰ্হি সম্পৰ্কে মুখ্যমন্ত্রী শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ সম্পৰ্কে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা দৰে সমল ব্যক্তিয়ে প্রশিক্ষণ প্রদান কৰে। ৰাজ্যিক প্রশিক্ষণ শিৱিৰত দলৰ জ্যেষ্ঠনেতা বিজয় গুপ্তাই বৰ্গ অধিকাৰী হিচাপে পৰিচালনা কৰাৰ লগতে প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্ৰজ কুমাৰ দাসৰ লগতে কোষৰ কাৰ্যকর্তা সকলে নিৰৱিচ্ছিন্নভাৱে পৰিশ্ৰম কৰি প্রশিক্ষণ শিৱিৰ সফল কৰি তোলে। উদ্বোধনী আৰু সমাপন অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলৰ ৰাজ্যিক বিষয়ববীয়াৰ লগতে জিলা সভাপতি আৰু সাধাৰণ সম্পাদক সকলে অংশগ্রহণ কৰা প্ৰশিক্ষণ গ্ৰহণ কৰা কাৰ্যকৰ্তা সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রশিক্ষনে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰে।