বৰপেটা,৩০ জুলাই ২০২২ঃ জামাত ই ইছলামী হিন্দৰ এটি সজাতি দলে কালি গুৱাহাটী মহানগৰীৰ উলুবাৰীত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ডিজিপিক সাক্ষাৎ কৰি এখন কোৰাণ উপহাৰ দিয়ে। জামাত ই-ইছলামী হিন্দৰ নামনি অসম সংমণ্ডলৰ সংগঠক ছফিকুল ইছলামৰ নেতৃত্বত যোৱা সজাতি দলটোত আছিল সংগঠনটোৰ ৰাজ্যিক কাৰ্যলয় সম্পাদক ফায়েজ খান আৰু সংগঠনটোৰ সদস্য ইনামুল হকে । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আন্তৰিকতাৰে গ্ৰহণ কৰে সজাতি দলটোৰ উপহাৰ । সম্প্ৰতি মুছলমানে কোৰানৰ পৰিৱৰ্তে অন্য কিতাপক অধিক পঢ়ে বুলি মন্তব্য কৰে সঞ্চালক প্ৰধান মহন্তই। পিছে কোৰানক গুৰুত্ব নিদিয়াৰ বাবেই বহু মুছলমান প্ৰকৃত ইছলাম পৰা ফালৰি কাটি বিপথগামী হৈছে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে মতপোষণ কৰে। এই সন্দৰ্ভত অসমৰ সচেতন আলিম-উলামাৰ সৈতে আলোচনাত বহিব বুলিও মন্তব্য প্ৰকাশ কৰে সঞ্চালক প্ৰধান গৰাকীয়ে । উল্লেখ্য যে, যোৱা এদিন পূৰ্বে ৰাজ্যখনৰ মৰিগাঁও, বৰপেটা জিলাৰ পৰা কেইবাজন আলিম-উলামা, যুৱকক সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ তুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, মুছলমান যুৱক সকলে বেছি বেছি কোৰান পঢ়িব লাগে । প্ৰকৃত মুছলমানে কেতিয়াও জেহাদীৰ সৈতে জড়িত হব নোৱাৰে । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ এনে মন্তব্য অতিকৈ গুৰুত্বপূৰ্ণ আৰু আদৰনীয় বুলি জামাতৰ সজাতি দলটোৱে প্ৰকাশ কৰে । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ এনে গুৰুত্বপূৰ্ণ আহ্বান জনোৱাৰ বাবে ধন্যবাদ দিবলৈ জামাতৰ সজাতি দলটোৱে তেওঁক সাক্ষাৎ কৰে । জামাতৰ সজাতি দলটোৱে সঞ্চালক প্ৰধান গৰাকীৰ এই আহ্বানক মুছলমান যুৱক সকলে গ্ৰহণ কৰি কোৰান বেছি বেছিকৈ অধ্যয়ন কৰাত মনোনিবেশ কৰিবলৈ আহ্বান জনায় বুলি সজাতি দলটোৱে জানিবলৈ দিয়ে।

Home অসম আৰু উত্তৰপূব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক পৱিত্ৰ কোৰান উপহাৰঃ জামাত-ই-ইছলামী হিন্দৰ