লখিমপুৰ ,৩ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত উদ্ধোধন কৰিলে ‘ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্ৰ’ ।এই কাৰ্যসূচীত ভাগ লৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক মাহত ধেমাজি মেডিকেল কলেজৰ আধাৰ কৰা হব বুলি ভাষণত কলে মন্ত্ৰী কেশৱ মহন্তই। তেওঁঁ মুখ্যমন্ত্ৰীয়ে যেতিয়াই ইচ্ছা কৰে তেতিয়াই ধেমাজি মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ বাবে ৰাজ্য চৰকাৰ সাজু বুলিও কয় মন্ত্ৰীয়ে । নগাঁও,নলবাৰী,দৰং জিলাটো আজিয়েই ৰক্ত উৎপাদন পৃথকীকৰণ কেন্দ্ৰ উদ্বোধন কৰা হৈছে বুলি উল্লেখ কৰে লগতে লখিমপুৰবাসীয়ে আৰু এটা ভাল খবৰ আছে বুলি মন্তব্য কৰি লখিমপুৰকে ধৰি ৰাজ্যৰ আৰু ৬ ঠাইত চুপাৰ স্পেচিয়েলিটি হস্পিতাল লাভ কৰিব বুলি কয় । আনহাতেদি স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে শিক্ষাৰ গুণোত্সৱৰ দৰে স্বাস্থ্য খণ্ডটো হব স্বাস্থ্যোৎসব হব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে ।