গুৱাহাটী,১২ ছেপ্টেম্বৰঃ ৰাজ্যৰ কাৰাগাৰসমূহত থকা এইচ আই ভি আক্ৰান্ত কাৰাবন্দীসকলৰ নিয়মীয়া চিকিৎসা গ্ৰহণ সুনিশ্চিত কৰিবলৈ বিশেষ উদ্যোগ লৈছে স্বাস্থ্য বিভাগে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমৰ ছখন কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভি আক্ৰান্ত কাৰাবন্দীৰ বাবে আজিৰে পৰা মুকলি কৰা হৈছে ‘এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী বিতৰণ কেন্দ্ৰ’। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰে দুপৰীয়া কেন্দ্ৰীয় ভাৱে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী প্ৰদান কেন্দ্ৰকেইটা একত্ৰে শুভ উদ্বোধন কৰে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি (এছাক্স)ৰ উদ্যোগত গুৱাহাটীৰ লগতে শিলচৰ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰা ছখনত এই কেন্দ্ৰকেইটা স্থাপন কৰা হৈছে। কেন্দ্ৰীয় কাৰাগাৰকেইখনত মুকলি কৰা এণ্টি-ৰেট্ৰ’ভাইৰেল কেন্দ্ৰৰ জৰিয়তে এইচআইভি সংক্ৰমিত তথা এইডছ আক্ৰান্ত কয়দীসকলক এইআইভি প্ৰতিৰোধী ঔষধৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চিকিৎসা উপলব্ধ কৰা হ’ব। অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড° তপন দাস, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক পমী বৰুৱায়ো অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কেন্দ্ৰকেইটা উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে এইচআইভি-এইডছ আক্ৰান্তই সম্পূৰ্ণ ৰূপে আৰোগ্য লাভ কৰাকৈ ঔষধ বা চিকিৎসা এতিয়ালৈকে সম্ভৱ হোৱা নাই যদিও নিয়মীয়াকৈ এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী (এআৰটি)ৰ চিকিৎসা গ্ৰহণ কৰি আক্ৰান্তৰ শৰীৰত এই মাৰাত্মক বীজাণুৰ সংখ্যাবৃদ্ধি পোৱাটো যথেষ্ট নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। নিয়মীয়াকৈ এআৰটি গ্ৰহণৰ জৰিয়তে আক্ৰান্তৰ শৰীৰত এই বীজাণুৰ সংখ্যা (ভাইৰেল লোড) এটা ন্যূনতম পৰ্যায়লৈ কমাই আনি ইয়াৰ পুনৰবৃদ্ধি নোহোৱাকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰিলে এগৰাকী এইচআইভি-এইডছ আক্ৰান্ত লোকে প্ৰায় সুস্থৰূপত দীৰ্ঘজীৱন লাভৰ সুযোগ পোৱাৰ লগতে তেওঁৰ পৰা নতুনকৈ আন লোকলৈ এই বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনাও প্ৰায় নোহোৱা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত এইচআইভি-এইডছ আক্ৰান্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰত এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপীয়ে মহত্বপূৰ্ণ ভূমিকা লৈ আহিছে। অসমত গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, বৰপেটা, যোৰহাট, তেজপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ লগতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী কেন্দ্ৰ (এআৰটি চেণ্টাৰ)ৰ জৰিয়তে এইচআইভি আক্ৰান্ত সকলক নিয়মীয়াকৈ এই থেৰাপী প্ৰদানৰ ব্যৱস্থা আছে। ৰাজ্যৰ এইচআইভি আক্ৰান্ত কাৰাবন্দীসকলকো নিকটৱৰ্তী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় বা অসামৰিক চিকিৎসালয়ৰ এআৰটি চেণ্টাৰৰ জৰিয়তে এই থেৰাপী উপলব্ধ কৰাৰ ব্যৱস্থা আছে যদিও সুৰক্ষাজনিত কাৰকৰ বাবে কাৰাবন্দী এইচআইভি আক্ৰান্তসকলে নিয়মীয়াকৈ এই চিকিৎসা ল’বলৈ এনে এআৰটি চেণ্টাৰলৈ যোৱাটো বেছিভাগ সময়তে অসম্ভৱ হৈ পৰে। এনে অৱস্থাত তেওঁলোকৰ নিয়মীয়া চিকিৎসা বাধাগ্ৰস্ত হয়। ফলত এইচআইভি-এইডছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰয়াসতো প্ৰতিকূল প্ৰভাৱ পৰে। এই অসুবিধা দূৰ কৰাৰ বাবেই কাৰাবন্দী এইচআইভি আক্ৰান্তসকলে কাৰাগাৰতে এই চিকিৎসা নিয়মীয়াকৈ গ্ৰহণ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় কাৰাগাৰসমূহত এআৰটি বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।’ কাৰাবন্দীৰ বাবে কাৰাগাৰতে এআৰটি বিতৰণ কেন্দ্ৰৰ ব্যৱস্থা থকা অসম দেশৰ ভিতৰত পঞ্চম খন ৰাজ্য বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্টলৈকে ৰাজ্যৰ কাৰাগাৰসমূহত চিনাক্ত হোৱা ২০০ গৰাকী এইচআইভি আক্ৰান্ত কাৰাবন্দীৰ নাম এআৰটি কেন্দ্ৰসমূহত পঞ্জীয়ন কৰা হৈছে।