গুৱাহাটী,২৮ ছেপ্টেম্বৰঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত অসমৰ ক্ৰিকেটপ্ৰেমী। ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল। খেলখনৰ বাবে দুয়োটা দল বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হ’ব। ক্ৰিকেট প্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিয়লি ৪-৪৫ বজাত গুৱাহাটীত উপস্থিত হ’ব উভয় দল। কটকটীয়া নিৰপত্তাৰ মাজেৰে ক্রিকেটাৰসকলক অনা হ’ব হোটেল ৰেডিশ্যন ব্লুলৈ। তাৰকা খেলুৱৈৰে ভৰি পৰিব মহানগৰ। উল্লেখ্য যে ৩০ ছেপ্টেম্বৰত দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব। বি চি চি আইৰ সম্পাদক জয় শ্বাহে দেওবাৰৰ গুৱাহাটীৰ খেলখন অতিথি হিচাপে উপভোগ কৰিব। ২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইন্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ। খেলখনৰ সফল আয়োজনৰ বাবে প্ৰস্তত হৈছে অসম ক্ৰিকেট সন্থাই। ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে বৃহস্পতিবাৰে বিয়লি ৪.৪৫ বজাত বৰঝাৰৰ বিমান বন্দৰত আহি উপস্থিত হ’ব। দুয়োটা দলে ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত বৰ্ষাপাৰাৰ প্ৰেক্টিছ উইকেটত অনুশীলন চলাব। আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব।
