নিউজ ডেক্সঃব্ৰিটেইনত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে চিফিলিছৰ সংক্ৰমণ। পৰ্ণ-ষ্টাৰৰ কপালত সেয়েহে বিয়পি পৰিছে চিন্তাৰ ৰেখা। স্বাস্থ্যজনিত বিপদৰ বাবে বৰ্তমান সাৱধানতা অবলম্বন কৰিছে সকলোৱে।উল্লেখ্য যে, সমগ্ৰ ইউৰোপতে হঠাতে চিফিলিছৰ সংক্ৰমণ বৃদ্ধি পাইছে। কেইবাগৰাকীও পৰ্ণ ষ্টাৰ চিফিলিছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। এই বিষয়টো পোহৰলৈ অহা লগে লগে বাকী অভিনেতা অভিনেত্ৰীসকল আতংকিত হৈ পৰিছে। যিহেতু চিফিলিছ যৌন সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হয়, গতিকে সংক্ৰমণ নিয়ন্ত্ৰণ নোহোৱালৈকে পৰ্ণ ষ্টাৰে শ্বুটিং পৰা বিৰত আছে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চিফিলিছ হৈছে এক প্ৰকাৰৰ সংক্ৰামক ৰোগ, যিটো যৌন সংস্পৰ্শৰ দ্বাৰা বিয়পি পৰে। এই সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল ছালত খজুৱতি আৰু ফোহা ওলায়। এই সংক্ৰমণৰ চিকিৎসা এন্টিবায়টিকৰ দ্বাৰা কৰিব পাৰি, কিন্তু সময়মতে এই ৰোগ ধৰা নপৰিলে চিফিলিছে অংগ-প্ৰত্যংগৰ ক্ষতিসাধন কৰিব পাৰে আনকি মগজুৰ কাম-কাজতো প্ৰভাৱ পেলাব পাৰে।জানিব পৰা মতে পৰ্ণ ষ্টাৰে ইতিমধ্যে চিফিলিছৰ দৰে ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজাকৈ ইউনিয়ন গঠন কৰিবলৈ দাবী জনাইছে। ব্যাপক আৰ্থিক লোকচানৰ পিছতো তেওঁলোকে ধৰ্মঘটৰ আহ্বান জনাইছে। অৱশ্যে ছবিৰ প্ৰযোজকসকলেও তেওঁলোকক সহায় কৰিছিল।