মাৰ্ঘেৰিটা ৩০ ছেপ্তেম্বৰঃতিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈ আৰু মাৰ্ঘেৰিটা আবকাৰী বিভাগে অতৰ্কিতে চলোৱা এক অভিযানত বৃহত পৰিমাণৰ অবৈধ চুলাই লগতে চুলাই প্ৰস্তুত কৰণত ব্যৱহৃত বহু সামগ্ৰীৰ জব্দ কৰা হয়।মাৰ্ঘেৰিটা আৰু ডিগবৈ আবকাৰী বিভাগে এই অতকিত অভিযান আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত তথা মাৰ্ঘেৰিটাৰ কাৰ্যবাহী দণ্ডাধীশ সিদ্ধাৰ্থ সোণোৱাল(এচিএছ)ৰ তত্বাৱধানত বৃহস্পতিবাৰে সন্ধিয়া চলাইছিল।৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্দেহজনক দুচকীয়া আৰু চাৰি চকীয়া বাহনত তালাচী চলোৱা লগতে হোটেল, ধাবা আদিতো পৰীক্ষা কৰিছিল।মাৰ্ঘেৰিটা আবকাৰী বিভাগৰ অন্তৰ্গত পাৱৈ বনগাঁও , দিহিং চাহ বাগিছাৰ আৰু ইয়াৰ কাষৰীয়া এলেকা,পথৰ কাষৰ হোটেল আৰু ধাবাসমূহত চলোৱা অভিযানত পাঁচ স্থানত বৃহত পৰিমাণৰ অবৈধ চুলাই লগতে বহু পৰিমাণৰ চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী জব্দ কৰা হয়।মাৰ্ঘেৰিটা আবকাৰী চক্ৰৰ ভিতৰত জব্দ কৰা আৰু ধ্বংস কৰা সামগ্ৰীবোৰ আছিল প্ৰায় – ২০ লিটাৰ অবৈধ ভাৱে সংৰক্ষণ কৰি ৰখা চুলাই,চুলাই প্ৰস্তুত কৰিবলৈ ৰান্ধি ৰখা ভাত-১৬৫ কিলো,আৰু লালী গুৰ ৪৫০ কিলো।আনহাতে ডিগবৈ আবকাৰী চক্ৰৰ অন্তৰ্গত পাৱৈ চেণ্টাৰ আৰু পথৰ দুয়ো কাষৰ হোটেল আৰু ধাবাবোৰত ধৰা বৃহত পৰিমাণৰ অবৈধ চুলাই লগেতে চুলাই প্ৰস্তুত কৰণত ব্যৱহৃত সামগ্ৰী জব্দ কৰা হয়।জব্দ কৰা আৰু ধ্বংস কৰা সামগ্ৰীবোৰ– লালী গুৰ, -২০০ কিলোসহ ১৫ লিটাৰ অবৈধ ভাৱে সংৰক্ষিত কৰি ৰখা চুলাই ।অৱশ্যে এই অভিযানত কোনো লোককে আটক কৰা হোৱা নাই।