ৰঙিয়া, ২৯অক্টোবৰঃনিশা ৰঙিয়া চহৰত আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো চোৰে সঘনাই সংঘটিত কৰি আহিছে ইটোৰ পিছত সিটো কৈ চুৰিকাণ্ড।চি চি টিভি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি চুৰিকাৰ্য সংঘটিত কৰিব বিচাৰিছিল চোৰে।কিন্তু ইমানৰ পাছতো সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চি চি টিভি কেমেৰাত।শুক্ৰবাৰে নিশা প্ৰায় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিস্থানত চোৰে চলালে চাফাই অভিযান।প্ৰথমে ব্যৱসায়িক প্ৰতিস্থানসমূহৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে।একে নিশাই ৰঙিয়াত চোৰে নন্দন ওৱাইন চ’পত বিলাসী সুৰাৰ বটলৰ ওপৰিও নগদ ধন লৈ পিছত চাই মেডিকেল সহ চাৰিখনকৈ ব্যৱসায়িক প্ৰতিস্থানত চলাই চাফাই অভিযান।ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ স্বত্বাধিকাৰী সকলে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিব বুলি জানিব দিয়ে।ইফালে চুৰিকাৰ্য সংঘটিত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ৰঙিয়া আৰক্ষী থানাৰ নগৰ পৰিদৰ্শকে ঘটনাৰ বুজ লোৱা বুলি জনায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।