নিউজ ডেক্স,৮ ফেব্ৰুৱাৰীঃ তুৰস্ক-চিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পৰ বাবে এতিয়ালৈকে ৯,৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। উদ্ধাৰ কৰ্মীয়ে আৱদ্ধ লোকসকলৰ কাষ চাপিবলৈ অশেষ চেষ্টা চলাইছে। চৰকাৰী সূত্ৰ মতে তুৰস্কত ৬,২৩৪ জন আৰু ছিৰিয়াত ২,৪৭০ জন লোকৰ মৃত্যু হৈছে আৰু মুঠ ৮,৭০৪ জন লোকৰ মৃত্যু হৈছে। একে সময়তে বেয়া বতৰৰ বাবে উদ্ধাৰ কামৰ লগত জড়িত কৰ্মীসকল অসুবিধাৰ সন্মুখীন হৈছে। সংবাদ সংস্থা এ এফ পিৰ প্ৰতিবেদন অনুসৰি ছিৰিয়াৰ তুৰস্কত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৫০০ অতিক্ৰম কৰিছে।
ইফালে বিশ্ব স্বাস্থ্য সংস্থাই এই বৃহৎ ভূমিকম্পৰ ফলত ২.৩ কোটি লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি সকীয়াই দিছে আৰু আন দেশক সহায় কৰিবলৈ আহ্বান জনাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে অনুমান কৰিছে যে ২০ হাজাৰ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে। ছিৰিয়াই পশ্চিমীয়া দেশসমূহক নিষেধাজ্ঞা উঠাই সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য, তুৰস্ক বিশ্বৰ অন্যতম সক্ৰিয় ভূমিকম্পপ্ৰৱণ অঞ্চল। ১৯৩৯ চনত দেশৰ শেষৰটো ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পূব এৰ্গিনকান প্ৰদেশত ৩৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। ১৯৯৯ চনত তুৰ্কীৰ ডুজ অঞ্চলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ১৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু ঘটায়। বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি সকীয়াই দি আহিছে যে এটা বৃহৎ ভূমিকম্পই জৰাজীৰ্ণ ঘৰেৰে ভৰি থকা ১ কোটি ৬০ লাখ লোকৰ জীৱনলৈ শংকা নমাই আনিব পাৰে।