নিউজ ডেক্সঃপূৰ্বৰ ছোভিয়েট দেশ দুখনৰ মাজত হোৱা যুদ্ধক লৈ চিন্তিত বিশ্ব। পাৰমাণৱিক দুৰ্যোগৰ বিপদ বাঢ়িছে। এতিয়াও কোনো পিছুৱাই যোৱা নাই। যদিও প্ৰথম অৱস্থাত বেক ফুটত আছিল, ইউক্ৰেইনে শেহতীয়াকৈ ‘কাউণ্টাৰ অফেন্সিভ’ আৰম্ভ কৰিছে। আৰু কিয়েভে দাবী কৰিছে যে এনে আক্ৰমণত কমেও ১০০ জন ৰাছিয়ান সৈন্য নিহত হৈছে।আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যোৱা বুধবাৰে ইউক্ৰেইনৰ সেনাৰ ৰকেটে ৰাছিয়া সেনা আক্ৰমণ কৰে। কিয়েভে দাবী কৰে যে ৰাছিয়া সমৰ্থক বিদ্ৰোহীৰ কবলত থকা লুহানস্ক অঞ্চলত এই আক্ৰমণত ১০০ জন ৰাছিয়ান সৈন্য নিহত হৈছে। জানিব পৰা মতে, সেনাবাহিনীৰ এজন শীৰ্ষ বিষয়াৰ বাবে জোৱানসকল গোট খাইছিল।