নিউজ ডেক্সঃপাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে পদত্যাগ কৰিব! বুধবাৰে তেওঁ পদত্যাগ কৰিব বুলি সমগ্ৰ দেশখনতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।ইতিমধ্যে মঙলবাৰে তেওঁ পাকিস্তানৰ ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিছে। ধাৰণা কৰা হৈছে যে পদত্যাগ কৰাৰ পূৰ্বে তেওঁ বিদায় ভ্ৰমণ হিচাপে তালৈ গৈছিল। পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বুধবাৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ পদত্যাগ কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব। তিনিদিনৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’ব। কিন্তু যদিহে ৰাষ্ট্ৰপতিয়ে চৰকাৰ ভংগ কৰাৰ প্ৰস্তাৱত সন্মতি নিদিয়ে তেন্তে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰ ভংগ হ’ব। ইয়াৰ পিছত অতি সোনকালে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হ’ব।মন কৰিবলদীয়া যে ২০১৮ চনত পাকিস্তান তেহৰিক-ই ইনছাফ ক্ষমতালৈ আহিছিল। ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু ইয়াৰ চাৰি বছৰৰ পাছত ২০২২ চনত সংসদত ইমৰাণৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দাখিল কৰা হয়৷ নিৰ্বাচনৰ পিছত তেওঁৰ দল পৰাজিত হয়। ইমৰাণ খানে পদত্যাগ কৰাৰ পিছত শ্বেহবাজ শ্বৰীফ প্ৰধানমন্ত্ৰী হয়।