লখিমপুৰ, ৪ ডিচেম্বৰ: লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনৰ তত্বাৱধানত সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি তিনি দিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।৩০ নবেম্বৰত সোৱনশিৰি সেৱাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত দিব্যাঙ্গ ব্যক্তিৰ অধিকাৰ আইন-২০১৬ আৰু শ্ৰেণী কক্ষৰ ব্যৱস্থাপনা সম্পৰ্কে আলোকপাত কৰে সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াই।১ডিচেম্বৰত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে এটি স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়।উক্ত শিৱিৰটিত শিশু ৰোগ বিশেষজ্ঞ তথা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ জয়ন্ত শইকীয়াৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৪০ জন দিব্যাঙ্গ শিশুক স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধ প্ৰদান কৰাৰ লগতে পৰামৰ্শ আগবঢ়োৱা হয়।৩ ডিচেম্বৰত উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে এই দিৱস উদ্যাপন কৰা হয় ।পুৱা ৯ বজাত পতাকা উত্তোলন উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু মনি দত্তই।১০ বজাৰ পৰা ৫২ জন দিব্যাঙ্গ শিশুৰ অংশ গ্ৰহনেৰে চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১০:৩০ বজাত শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত অনুষ্ঠিত শিক্ষণ-শিকণ সঁজুলি প্ৰদৰ্শন প্ৰতিযোগিতা খনি উদ্বোধন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুনীল গগৈয়ে।বিচাৰক হিচাপে অংশ উপস্থিত থাকে পানীগাওঁ উচ্চতৰ মাধ্যমিক ক বিদ্যালয়ৰ সহকাৰী বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মা আৰু ডায়েত আজাদৰ প্ৰৱক্তা চিন্ময়ী দাস।দিব্যাঙ্গ শিশুৰ বাস্তৱ সমস্যা আৰু সমাধান শীৰ্ষক আলোচনা আগবঢ়ায় The Sentinel কাকতৰ লখিমপুৰ জিলাৰ সাংবাদিক ৰঞ্জিত কাকতিয়ে। “বৰ্তমান সময়ত দিব্যাংগ শিশু সকলৰ প্ৰতি সামাজিক দৃষ্টিভংগীৰ বহুখিনি পৰিৱৰ্তন ঘটিছে। এই পৰিবৰ্তন আৰু ব্যাপক হোৱাটো প্ৰয়োজন। দিব্যাংগ শিশু সকলৰ সৰ্বাত্মক কল্যান আৰু তেওঁলোকৰ বাবে কাম কৰি থকা সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি সকলে ভুগি থকা সমস্যা সমাধানৰ বাবে “প্ৰশাসনিক নীতি” আৰু “ৰাজনৈতিক দৃষ্টিভংগী” (Political Philosophy) পৰিবৰ্তন হোৱাটো বাঞ্ছনীয়– এইয়া সাম্প্ৰতিক সময়ৰ দাবী”, আলোচকগৰাকীয়ে কয়। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আলোচকগৰাকীয়ে ৰাজ্য চৰকাৰক আহ্বান জনায়।ইয়াৰ পিছতে দিৱসৰ মুকলি সভাখনি অনুষ্ঠিত হয়। মুকলি সভাৰ আদৰণী ভাষন আগবঢ়ায় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইজাজুল হুছেইনে।সমল ব্যক্তি পংকজ হাজৰিকাই আঁত ধৰা সভা খনিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা।নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে পানী গাওঁ ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা ড° বি ডি নিশাই।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ডায়েত আজাদৰ প্ৰৱক্তা মণ্টু বুঢ়াগোঁহাই,জিলা আঁচনি বিষয়া গিতালী নেওগ,গুণজিৎ ঠাকুৰীয়া,লখিমপুৰ জিলাৰ মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক বিপুল বৰুৱাই ।আজিৰ অনুষ্ঠানতে জিলা পৰ্যায়ত তাৰিয়নী বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰ আৰু পানী গাওঁ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত গোপাল গোস্বামীক আনহাতে বিটিশা পাতিৰ আৰু দৰ্শনা ভূঁঞাক জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।লখিমপুৰ শিক্ষা খণ্ডৰ দিব্যাঙ্গ শিশু সকলৰ বাবে সহযোগিতা আগবঢ়োৱা সেৱাৰ বাবে ৪ জন শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়।আজিৰ প্ৰতিযোগিতা সমূহত পাৰদৰ্শিতা আগবঢ়োৱা দিব্যাঙ্গ শিশুক একোখন মান পত্ৰ,এটি উপহাৰ আৰু উপস্থিত থকা প্ৰতিজন শিশুকে উপহাৰ প্ৰদান কৰা হয়।
Home অসম আৰু উত্তৰপূব তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন : কৰ্মশালা, আলোচনা চক্ৰ, দিব্যাঙ্গ...










