গুৱাহাটী,৮ ডিচেম্বৰঃ ৰাজ্য ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। নতুন বছৰৰ প্ৰথমতে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ। ইংৰাজী নৱবৰ্ষৰ প্ৰথম পষেকতে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ’ব এই আন্তঃৰাষ্ট্ৰীয় খেলখন। জানুৱাৰী মাহৰ ১০ তাৰিখে বৰ্ষাপাৰাত হ’ব ভাৰত-শ্ৰীলংকাৰ মেচ। অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ আয়োজনৰ দায়িত্ব দিলে বি চি চি আয়ে। দ্বায়িত্ব পোৱাৰ পিছতে অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সভাপতি তৰংগ গগৈয়ে কয় যে নতুন সমিতি গঠন হোৱাৰ পিছতে বি চি চি আইক এখন খেল দিয়াৰ বাবে কোৱা হৈছিল। সেই অনুসৰি বছৰৰ আৰম্ভণিতে খেলখন দিয়াৰ বাবে তেওঁ বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰে। খেলখনৰ বাবে কাৰিকৰী দিশত কৰিবলগীয়া কামখিনি ইতিমধ্যে কৰা হৈছে। তেওঁ কয় যে আমি আশাবাদী যে এই খেলখন সুকলমে পাৰ হ’ব। তেওঁ অসমবাসীক খেলখন বৰ্ষাপাৰালৈ আহি উপভোগ কৰাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত চলিত বছৰৰ ২ অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ।