গুৱাহাটী,৮ ডিচেম্বৰঃ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি গুৱাহাটীত ভাৰত চৰকাৰৰ এক দুর্যোগ প্রশমন সম্পর্কীয় আঁচনি আপদ মিত্ৰৰ সফল ৰূপায়ণৰ বাবে দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তাৰ ফচল হিচাপে আপদ মিত্ৰ আঁচনি ৰূপায়ণৰ জৰিয়তে ভূমিকম্প, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তাৎক্ষণিকভাৱে ৰাইজৰ মাজত উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভিছন ২০২৪ অনুসৰি সমগ্ৰ দেশৰ ৩৫০ খন জিলা সামৰি ১ লাখ স্বেচ্ছাসেৱীক প্ৰয়োজনীয় প্রশিক্ষণ প্রদান কৰি এক স্থানীয় দুর্যোগ ব্যৱস্থাপনা গোট গঠন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইতিমধ্যে ৩০,০০০ স্বেচ্চাসেৱীক এই প্রশিক্ষণ প্ৰদান সম্পূৰ্ণ হৈছে। অসমৰো ১৬ খন জিলাৰ ২১০৫ গৰাকী স্বেচ্চাসেৱীক প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰা হৈছে আৰু ১৭৯৫ গৰাকীক অতি সোনকালে এই প্রশিক্ষণ প্ৰদান কৰা হ’ব। উল্লেখ যে এই আঁচনিৰ অধীনত ২০২৩ চনৰ ৩১ মাৰ্চলৈ স্বেচ্চাসেৱীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পূর্ণ হ’ব। আজি এই দুদিনীয়া কর্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে। ভাষণ প্ৰসংগত তেওঁ কয় যে দুৰ্যোগৰ সময়ত তৎকালীনভাৱে জনসাধাৰণৰ মাজত উপস্থিত হৈ প্ৰয়োজনীয় উদ্ধাৰ কাৰ্য অথবা আপাতকালীন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই আপদমিত্ৰ আঁচনিখন হাতত লোৱা হৈছে। নিজৰ লগতে দুর্দশাগ্রস্তসকলক সহায় কৰি সুৰক্ষা প্ৰদান কৰিব পাৰিলেহে সমাজ সুৰক্ষিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। উল্লেখ যে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ৰাজেন্দ্ৰ সিঙে আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে উল্লেখ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে অসমীয়া আৰু হিন্দী ভাষাত প্ৰস্তুত কৰা আপদ মিত্ৰ আঁচনিৰ শীৰ্ষ গীত দুটাও মুকলি কৰা হয়। অনুষ্ঠানটোত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠীৰ লগতে এন ডি আৰ এফ, এচ ডি আৰ এফৰ প্রতিনিধিসকল উপস্থিত আছিল। উল্লেখ যে মূল অনুষ্ঠানটোত দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত পৰিষদ ক্ৰমে অসম, পশ্চিম বংগ, নাগালেণ্ড, উত্তৰ প্ৰদেশ, অৰুণাচল প্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, চিকিম, হিমাচল প্রদেশ, তামিলনাডু, জম্মু আৰু কাশ্মীৰ, অন্ধ্র প্রদেশ, ত্ৰিপুৰা, মেঘালয়, পুডুচেড়ী, কর্ণাটক, চণ্ডিগড়, আন্দামান আৰু নিকোবৰ, কেৰেলা, পঞ্জাব, গোৱা, মিজোৰাম, ৰাজস্থান, উত্তৰাখণ্ড, উড়িষ্যা, লাডাখ, নতুন দিল্লী, হাৰিয়ানা, দমন আৰু দিউ আৰু বিহাৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
Home অসম আৰু উত্তৰপূব গুৱাহাটীত আপদমিত্ৰ আঁচনিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কৰ্মশালাত মন্ত্রী যোগেন মহন










