গুৱাহাটী,৯ ডিচেম্বৰঃ ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ। পুনৰ শিক্ষানুষ্ঠান সমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। তিনিটা পৰ্যায়ত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব এই গুণোৎসৱ। ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব। আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব। সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব।