লখিমপুৰ,৭ জুলাই : গুৱাহাটী মহানগৰীত জালনোট মাফিয়াৰ ঘাটিত অভিযানৰ পিছতেই লখিমপুৰতো আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে। লখিমপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জাল নোট, নকল সোনৰ ঘটি হিচাপে পৰিগণিত বৃহত্তৰ বঙালমৰাকে ধৰি লখিমপুৰৰ বিভিন্ন অঞ্চলত সৰবৰাহকাৰীৰ বিৰুদ্ধে সোমবাৰৰ নিশা এক বৃহৎ অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে দহ জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ লাখ টকাৰ জালনোট জব্দ কৰে। লখিমপুৰ জিলাখনৰ বঙালমৰা, লালুক, নাওবৈচাৰ বিভিন্ন প্রান্তত জালনোট, নকল সোণ মাফিয়াৰ ঘৰে ঘৰে চলালে এই অভিযান। উল্লেখ যে লখিমপুৰ আৰক্ষীৰ কেইবাটাও দলে পৃথকে পৃথকে চলালে এই মাৰাথন অভিযান। আৰক্ষীয়ে ২ নং ইছলামপুৰৰ পৰা মিজানুৰ ৰহমান ওৰফে মিজুক গ্ৰেপ্তাৰ। বিহপুৰীয়া আৰক্ষীৰ জালত মিজু। একেদৰে নাওবৈছাৰ মহঘুলিৰ পৰা কৰায়ত্ত কৰা হয় হেফজুৰ ৰহমানক, পশ্চিম মহঘুলিৰ পৰা ইক্রামুল ইছলামক, পানধোৱাৰ পৰা জালনোট মাফিয়া শ্বাহাবুল ইছলামক, লালুক আৰক্ষীয়ে বালিটিকা, বালিজানৰ পৰা কৰায়ত্ত কৰে জালনোট সৰবৰাহকাৰী ক্ৰমে আব্দুল ৰেজাক, ৰাজিবুল হক, মুকছিদুল আলম, ৰিয়াজ উদ্দিন, ইমৰান হুছেইন,লগতে মতিবুৰ ৰহমানক। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৭৮/১৭৯/১৮০/১১১(২)(খ)/৬১(২) ধাৰাৰ অধীনত ১৩২/২৬ নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত জাল নোট আৰু নকল সোণৰ অবৈধ কাৰবাৰ চলাই আহিছিল। ধৃত আটাইকেইজনকে বৰ্তমান আৰক্ষীয়ে জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।এই অভিযানক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।










