গুৱাহাটী,২৭ অক্টোবৰঃ গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদ মেলত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক ভূপেশ বাঘেল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ তথা নিৰ্বাচন আয়োগৰ কাম-কাজ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সংবাদ মেলত গৌৰৱ গগৈয়ে কয় যে বিজেপি দলৰ ভিতৰত এতিয়া বিৰোধীৰ “ভোট বচাও, দেশ বচাও” কাৰ্যসূচীক লৈ এক চৰম ভয় আৰু হতাশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অহা ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ আহ্বানত অনুষ্ঠিত হ’বলগীয়া বিশাল গণ সমাবেশৰ বাবে প্ৰথমে দিল্লী আৰক্ষীয়ে অনুমতি দিছিল যদিও তাত লাখ লাখ জনসাধাৰণ সমবেত হৈ সমগ্ৰ দেশৰ ৰাজনীতিত বৃহৎ প্ৰভাৱ পেলোৱাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে চিন্তিত হৈ সেই ৰেলীত বাধা প্ৰদান কৰিবলৈ কূট-কৌশল অব্যাহত ৰাখিছে। এনে বাধা প্ৰদানেৰে বিষয়টোৰ চৰ্চা বন্ধ কৰিব পৰা নাযাব বুলি সকীয়াই দি গগৈয়ে কয় যে কংগ্ৰেছে এই সমগ্ৰ প্ৰসংগ অসমৰ চুকে-কোণে লৈ যোৱাৰ সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে দলীয় নেতৃত্বৰ মাজত এই সন্দৰ্ভত পুৱাৰ ভাগত আলোচনা হোৱাৰ উপৰি অনাগত সময়তো আলোচনা অব্যাহত থাকিব।
সংবাদ মেলত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেলে কয় যে সমগ্ৰ দেশ তথা বিশ্বজুৰি এতিয়া নিৰ্বাচনী বিসংগতি আৰু ভোট চুৰিৰ ব্যাপক চৰ্চা চলিছে। তেওঁ ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে আয়োজন কৰা “ভোট বচাও, দেশ বচাও” শীৰ্ষক ঐতিহাসিক সমাৱেশক লৈ কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণৰূপে আতংকিত আৰু ভীতিগ্ৰস্ত হৈ পৰা বুলি কটাক্ষ কৰে। ইয়াৰ পূৰ্বে শেহতীয়া নগাঁও উপ-নিৰ্বাচন আৰু শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰ্যালোচনা বৈঠকৰ কথা উল্লেখ কৰি বাঘেলে কয় যে সতীৰ্থ দলীয় সতীৰ্থসকলৰ পৰা পোৱা তথ্য অনুসৰি নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনে নিৰ্বাচনৰ সময়ত এক ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ গঢ়ি তুলিছিল। গৌৰৱ গগৈ আৰু চৌধুৰীৰ সৈতে নিৰ্বাচনী প্ৰচাৰত অংশ লওঁতে তেওঁলোকৰ কনভয়ৰ ওপৰত আক্ৰমণৰ ঘটনাৰ কথা সোঁৱৰাই দি তেওঁ কয় যে শাসকীয় পক্ষই ব্যাপক ৰিগিং আৰু ভোট চুৰি সংঘটিত কৰিছে আৰু এই ফলাফল কোনো প্ৰকৃত বিজয় নহয়, বৰঞ্চ এয়া হৈছে কেৱল “চুৰিৰ জয়”। নিজৰ অভিজ্ঞতা উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰৰ প্ৰথম দিনা জাগীৰোডলৈ যাওঁতে স্থানীয় মন্ত্ৰী-বিধায়কৰ সন্ত্ৰাস আৰু বাহন ভাঙি দিয়াৰ পূৰ্বৰ ঘটনাৰ বাবে দলীয় কৰ্মীসকলে ৰাজহুৱা সভা আহ্বান কৰিবলৈকো শংকিত হৈ পৰিছিল।
বাঘেলে নিৰ্বাচনী প্ৰক্ৰিয়াত হোৱা ব্যাপক কাৰচাজি ফাদিল কৰি কয় যে বিজেপিয়ে প্ৰথমে “অবকী বাৰ ৪০০ পাৰ”ৰ দৰে শ্লোগানেৰে এটা ভুৱা ধাৰণা সৃষ্টি কৰে আৰু তাৰ আঁৰত আচলতে ভোট চুৰিৰ ষড়যন্ত্ৰ কাৰ্যকৰী কৰে। উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত ইভিএমত খেলিমেলি কৰা হৈছিল, আনহাতে হাৰিয়ানা আৰু বিশেষকৈ মহাৰাষ্ট্ৰত প্ৰাপ্তবয়স্ক জনসংখ্যাতকৈ অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে বংগ আৰু বিহাৰত এছআইআৰৰ জৰিয়তে লাখ লাখ বৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কাটি দিয়া হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যেতিয়া সমগ্ৰ প্ৰশাসন আৰু ইভিএম ব্যৱস্থা হাতৰ মুঠিত থাকে, তেতিয়া জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ ইচ্ছাকৃতভাৱে কোনোবা ৰাজ্যত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰা হয়, কোনোবাখনত ওলমা বিধানসভা সৃষ্টি কৰা হয় আৰু কোনোবাখনত হাৰি দেখুওৱা হয়। মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু বিহাৰৰ নিৰ্বাচনত এনেধৰণৰ ৯০ শতাংশ ষ্ট্ৰাইক ৰেট দেখা পোৱাটোৱেই এনে চক্ৰান্তৰ স্পষ্ট প্ৰমাণ বুলি তেওঁ দাবী কৰে।
কংগ্ৰেছৰ প্ৰস্তুতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি বাঘেলে ক্ষোভ প্ৰকাশ কৰে যে যেতিয়া সমগ্ৰ প্ৰশাসন আৰু ব্যৱস্থাটোৱেই পক্ষপাতিমূলকভাৱে নামি পৰে, তেতিয়া সাধাৰণ ব্যৱস্থাৰে তাক ৰোধ কৰা কঠিন হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ তত্বাৱধানত সকলো সংঘটিত হোৱা সত্ত্বেও কোনো অভিযোগৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ বাবেই তেওঁক অপসাৰণৰ দাবী তোলা হৈছে বুলি তেওঁ উল্লেখ কৰে। সাধাৰণতে উপ-নিৰ্বাচনসমূহত ইভিএম টেম্পাৰিঙৰ অভিযোগ কমকৈ আহে যদিও শেহতীয়া নিৰ্বাচনত ভোট চুৰি আৰু কাৰচাজিৰ সকলো প্ৰমাণ কংগ্ৰেছৰ হাতত মজুত আছে বুলি তেওঁ দাবী কৰে। নিৰ্বাচনী ফলাফলক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী আবেদন দাখিল কৰিবলৈ নিৰ্ধাৰিত ৪৫ দিনৰ সময়সীমাৰ এতিয়াও ২০ৰ পৰা ২৫ দিন হাতত আছে বুলি স্পষ্ট কৰি বাঘেলে কয় যে কংগ্ৰেছে উপযুক্ত তথ্য-প্ৰমাণসহ আদালতত নিৰ্বাচনী আবেদন দাখিল কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।
ইপিনে সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে কয় যে ডকাইত কৰা বিজেপি দলক আগন্তুক দিনত অসমৰ জনসাধাৰণক লগত লৈ সমুচিত শিক্ষা দিয়া হ’ব। নিৰ্বাচনত হোৱা ভোটচুৰি সন্দৰ্ভত ক্ষোভ উজাৰি তেওঁ কয় যে চোৰ-পুলিচৰ খেলখনৰ দৰে চোৰ ধৰিবলৈ পুলিচৰ প্ৰয়োজন আৰু পুলিচক মনোবল তথা প্ৰশিক্ষণৰ প্ৰয়োজন। এইবাৰ চোৰ হিচাপে বিজেপি দল সফল হ’ল যদিও পুলিচ হিচাপে কংগ্ৰেছে আৰু অধিক প্ৰশিক্ষণ ল’ব লাগিব আৰু ৰাইজৰ সহায়-সহযোগত এই চুৰি কৰা দলটোক সঠিক পথলৈ আনিব লাগিব। তেওঁ লগতে কয় যে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই ভোটচুৰিৰ বিৰুদ্ধে গঢ়ি তোলা সংগ্ৰামক লৈ শাসকীয় বিজেপি দল শংকিত হৈ পৰিছে। ৰাজনৈতিক ইতিহাসত শাসক পক্ষ ইমান দুৰ্বল হোৱা কেতিয়াও দেখা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিৰোধীৰ প্ৰতিবাদৰ বিৰুদ্ধে এতিয়া শাসক পক্ষই চুকে-কোণে প্ৰতিবাদ কৰিবলগীয়া হৈছে। পৃথিৱীজুৰি যুৱ সমাজৰ জাগৰণে বহু চৰকাৰ সলনি কৰাৰ দৰে ভাৰততো কেন্দ্ৰীয় চৰকাৰ সলনি হ’লে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি গগৈয়ে কয় যে সেইবাবেই কেনেদৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ৰাজনৈতিকভাৱে সংৰক্ষণ দিব পাৰি আৰু প্ৰশংসা কৰিব পাৰি, তাৰ বাবে বিজেপি দলৰ নেতৃত্বই দিনে-নিশাই প্ৰাণে-প্ৰণে চেষ্টা চলাই আছে।
উল্লেখযোগ্য যে, সংবাদমেলৰ পূৰ্বে ৰাজীৱ ভৱনত তত্ত্বাৱধায়ক ভূপেশ বাঘেলৰ উপস্থিতিত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু শিলচৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ এখন গুৰুত্বপূৰ্ণ দলীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত পৰ্যালোচনা বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক তথা এআইচিচিৰ সম্পাদকদ্বয় মনোজ চৌহান আৰু পৃথ্বীৰাজ সাথে, সাংসদ ৰকিবুল হুছেইন, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, বিধায়িনী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আফতাব উদ্দিন মোল্লা, নুৰুল হুদা, নুৰুল ইছলাম, আব্দুল ৰহিম, আছিফ নজৰ, আমিনুৰ ৰছিদ চৌধুৰী, বেবী বেগম, আশ্ৰামূল ইছলাম শ্বেখ, তানজিল হুছেইনৰ লগতে কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ, নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক শিৱামণি বৰা, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰুণুমণি বৰা, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিযুক্তি দিয়া দলীয় পৰ্যবেক্ষকসকল আৰু শিলচৰ পৌৰসভা নিৰ্বাচনৰ বাবে নিযুক্তি দিয়া দলীয় পৰ্যবেক্ষকসকল উপস্থিত থাকে।










