ৰাষ্ট্ৰসংঘই যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে।কিন্তু ভাৰত আৰু চীনে ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে। মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ বৰ্ষপূৰ্তিৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৰাছিয়াই নিজৰ আক্ৰমণৰ অন্ত পেলাবলৈ আৰু প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গৃহীত কৰে।ৰাষ্ট্ৰসংঘৰ ১৪১ জন সদস্যই এই প্ৰস্তাৱৰ সপক্ষে আৰু ৭ জন সদস্যই এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। কিন্তু ভাৰত আৰু চীনকে ধৰি ৩২ জন সদস্যই ভোটদান প্ৰক্ৰিয়াত অংশ লোৱা নাছিল।ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে কয় যে ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰত চিন্তিত। দুয়োখন দেশৰ সংঘাতৰ বাবে বহু লোকৰ প্ৰাণ হেৰুৱাইছে। মানৱ জীৱনত দুৰ্দশা বাঢ়িছে আৰু লাখ লাখ মানুহ গৃহহীন হৈ পৰিছে। সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণ গভীৰ চিন্তনীয়।









