নিউজ ডেক্সঃৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও চলি আছে । কিন্তু এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মনত থিতাপি লৈছে তেওঁক হত্যা কৰাৰ এক ভয়ে । তেওঁ নিজৰ জীৱন বচাবলৈ গোপন ৰে’ল আৰু পথ ব্যৱহাৰ কৰিব লৈছে । ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচৰ প্ৰাক্তন ৰক্ষী গ্লিব কাৰাকুলভে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সুৰক্ষা দিয়াৰ বাবে লোৱা সকলো ব্যৱস্থাৰ বিষয়ে তথ্য প্ৰদান কৰিছে। তেওঁ পুটিনৰ সৈতে ইতিমধ্যে ১৮০ টা ভ্ৰমণ কৰিছে।কাৰাকুলভে জানিব দিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ দেশৰ বিভিন্ন চহৰত এটাকৈ অনুৰূপ কাৰ্যালয় আছে। তেওঁ নিজৰ অৱস্থান লুকুৱাবলৈ এটা গোপন ৰে’ল নেটৱৰ্ক ব্যৱহাৰ কৰে। গ্লিব কাৰাকুলভে ৰাজনৈতিক তথ্য সংগঠন ডজিয়াৰ চেণ্টাৰৰ সৈতে এক সাক্ষাৎকাৰত পুটিনৰ সৈতে সম্পৰ্কিত এই তথ্য প্ৰদান কৰিছিল। গ্লিব কাৰাকুলভে লগতে কয় যে যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দীঘলীয়া সময়ৰ বাবে ভ্ৰমণত যায়, তেতিয়া তেওঁ ব্যক্তিগত বাহন ব্যৱহাৰ কৰে। পুটিনৰ গোপন সেৱাসমূহে বিদেশী চোৰাংচোৱাৰ পৰা তেওঁৰ কাৰ্যকলাপ লুকুৱাবলৈ আৰু যিকোনো হত্যাৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ ভুৱা মটৰচাইকেল আৰু বিমান ব্যৱহাৰ কৰে। ইয়াৰ কাৰণ হৈছে এই বাহনবোৰ ট্ৰেক কৰিব নোৱাৰি।









